গুৱাহাটী, ২২ নৱেম্বৰঃ নৱগঠিত পাকাবেতবাৰী সমষ্টিত শুকুৰবাৰে অখিল গগৈয়ে(MLA Akhil Gogoi) পঞ্চায়ত নিৰ্বাচনক লক্ষ্য কৰি ৰণডংকা বজায়।
পাকাবেতবাৰী ব্লক সমিতিৰ সহযোগত আৰু দক্ষিণ পাকা আঞ্চলিক সমিতিৰ উদ্যোগত পিঠাদি হাইস্কুল খেলপথাৰত পিঠাদি অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী মফিজ উদ্দিন আহমেদৰ সভাপতিত্বত আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পাকাবেতবাৰী ব্লক কমিটীৰ সম্পাদক ছফিকুল ইছলামে।(Brahmaputra)
লক্ষ্য আগন্তুক পঞ্চায়ত নিৰ্বাচনঃ বিধানসভা নিৰ্বাচনত পাকাবেতবাৰী সমষ্টিত থাকিব ৰাইজৰ দলৰ প্ৰাৰ্থী
সভাত উপস্থিত থাকি অখিল গগৈয়ে বিজেপিয়ে চৰকাৰ গঠনৰ সময়ৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে কংগ্ৰেছৰ লেখীয়াকৈ জনসাধাৰণৰ মৌলিক সমস্যাৰ প্ৰতি পিঠি দি আহিছে বুলি দাবী কৰে।
বৰ্তমান পৰিস্থিতিত ৰাজ্যখনৰ জলন্ত সমস্যা বিশেষকৈ অত্যাৱশ্যকীয় দ্ৰব্যৰ মূল্যবৃদ্ধি, যধে-মধে জাননী দিয়া আৰু নিদিয়াকৈ উচ্ছেদ, কৃষকে উৎপাদন কৰা শস্যৰ ন্যায্য মূল্য নাপাই আত্মহত্যা কৰিবলগীয়া হৈছে বুলিও মন্তব্য কৰে।ৰাইজৰ দলৰ চৰকাৰ গঠন হ’লে যুগ যুগ ধৰি বসবাস কৰা কৃষকক ৰিজাৰ্ভ আৰু চৰৰ মাটিৰ পট্টা দিয়া হ’ব বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিয়ে।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যধে-মধে মেডিকেল বনাই চমক সৃষ্টি কৰি, ৰাজহুৱা সম্পদ পানীৰ দৰত বণিয়াক বিক্ৰী কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ ৩১ হাজাৰ শিক্ষানুষ্ঠান বিলুপ্ত কৰি ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ বন্ধ কৰিছে। হিমন্তৰ নেতৃত্বত ৰাজ্যৰ নিবনুৱা সমস্যা ভয়াবহ হৈ উঠিছে। বিধান সভাত কোনো দলৰ বিধায়কে বিৰোধী দলৰ ভূমিকা পালন নকৰে বুলি দোহাৰে।
অখিল গগৈ নেতৃত্বাধীন চৰকাৰ গঠন হলে গাঁৱে গাঁৱে শীতল গৃহ নিৰ্মাণ কৰি কৃষকে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য দিয়া হ’ব বুলি মন্তব্য কৰে। সভাত অখিল গগৈৰ লগতে ৰাইজৰ দলৰ সম্পাদক তথা আমছুৰ প্ৰাক্তন সভাপতি আজিজুৰ ৰহমান, সম্পাদক আশ্ৰাফুল ইছলাম, মনিৰুজ জামান আৰু মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তী উপস্থিত থাকি ৰাইজক সম্বোধন কৰে।
এই সভাত কয়াকুছি-ভক্তৰডবা অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ উপৰি সৰ্বস্তৰৰ কৃষক, শ্ৰমিকক উপস্থিত থাকি জনসভাখন সাফল্যমণ্ডিত কৰাৰ বাবে উদ্যোক্তাসকলে ধন্যবাদ জনাইছে।