Central Foundation Day:ধেমাজিত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

চিচিবৰগাঁও, ২২ নৱেম্বৰঃ ধেমাজি জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ(Sadharon Jati Surokhaa Sanmilon) আতিথ্যত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস(Central Foundation Day) উদযাপন কৰা হয়।

ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ সভা গৃহত এদিনীয়া কায্যক্ৰমনিকাৰে অনুষ্ঠিত এই সভাৰ কাৰ্যসূচী অনুসৰি পুৱা মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দ্বীপেন শইকীয়াৰ দ্বাৰা গছপুলি ৰোপন, সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ কেন্দ্ৰীয় মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মাৰ দ্বাৰা স্মৃতি তৰ্পণ, শ্ৰীশ্ৰী চেকেৰাতলি সত্ৰৰ সত্ৰাধিকাৰ যদুমনি দেৱ গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলন, সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ পাছতেই আৰম্ভ হয় মুকলি সভা।

মৰিধল ঘাটৰ দিহা নামৰ দলটিৰ দ্বাৰা মঞ্চ উদ্বোধন কৰাৰ পাছতেই কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত হয় সভা।

এই সভাতেই ৰাজ্যিক মহিলা সমিতিৰ উপ-সভানেত্ৰী দীপ্তিমনি গোস্বামী, সন্মিলনৰ যুটীয়া সম্পাদক হিৰণ্য কুমাৰ ডেকা, ধেমাজি জিলা সত্ৰ মহাসভাৰ সভাপতি বনমালী দেৱ গোস্বামী, অমৃত শৰ্মা,অৱন শৰ্মা, নৱ কাকতি, জিতু দত্ত, ত্ৰিদিপ শৰ্মা আদিয়ে সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ সুৰক্ষা আৰু উন্নয়ন, ভৱিষ্যতৰ কৰণীয়, চৰকাৰৰ ওচৰত পদক্ষেপ গ্ৰহণ কৰাৰ সামগ্ৰিক দিশ সমূহৰ আলোকপাত কৰাৰ লগতে সাধাৰণ জাতি টোৱে বিগত বছৰ বছৰ ধৰি অৱহেলিত হৈ থাকিব লগা দিশসমূহৰ বিশ্লেষণ আগবঢ়ায়। ইফালে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে বনমালী মহন্তয়ে।

আনহাতে এই মুকুলি সভাতেই জিলাখনৰ কেইগৰাকীমান বয়োজেষ্ঠ ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হয়। প্ৰদীপ শৰ্মাই আত ধৰা এই সম্বৰ্ধনা অনুষ্ঠানত চিচিবৰগাঁওস্হিত শ্ৰীশ্ৰী শ্ৰৱনী সত্ৰৰ সত্ৰাধিকাৰ তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জয়কান্ত মহন্ত, নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ লীলা কান্ত দেৱগোস্বামী, ভৱ দেৱী, ঈশান শৰ্মা, মহেন্দ্ৰ কলিতা, ভদ্ৰেশ্বৰ দেৱী, আৰতি দেৱী, লেখনী দেৱী আদিক সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে সত্ৰীয়া নৃত্য পৰিৱেশন কৰে মনালিছা দেৱীয়ে।

সভাত ধেমাজি জিলা সমিতিৰ হৈ সভাপতি অনিল শৰ্মা, সম্পাদক হেমন্ত শৰ্মা, উদযাপন সমিতিৰ হৈ সম্পাদক ভাস্কৰ সভাপণ্ডিত, সভাপতি প্ৰদীপ শৰ্মা, ধেমাজি কাথ সত্ৰৰ কৃষ্ণ গোস্বামী, কৰুণা গোস্বামী আদিৰ লগতে ৰাজ্যখনৰ বহু কেইখন জিলাৰ পৰা অহা অতিথিৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি সকল উপস্থিত থাকে।

Related Articles