গুৱাহাটী, ২৪ নৱেম্বৰঃ নিউ আৰ্ট প্লেয়াৰ্ছ সাংস্কৃতিক প্ৰকল্পৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ২৪ নবেম্বৰতা নীৰেন বৰুৱা(Neeren Baruah) সোঁৱৰণী আবৃত্তি প্ৰতিযোগিতা(Poetry recitation competition) আয়োজন কৰে৷
গুৱাহাটীৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগত ২০০৬ৰ পৰা আয়োজিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ লগতে বিভিন্ন প্ৰান্তৰ বহু আবৃত্তিকাৰে অংশগ্ৰহণ কৰে৷
প্ৰথম অঙ্কিতা গোস্বামী, দ্বিতীয় জোনালী ডেকা বৰুৱা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দেৱাশীষ ৰাজকুমাৰে
উল্লেখযোগ্য যে ১৯৬০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত প্ৰায় চাৰিটা দশক ধৰি অসমৰ আকাশ-বতাহ সোণালী কন্ঠৰে মুখৰিত কৰি ৰখা আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰে এগৰাকী সন্মানীয় সদস্য, বিশিষ্ট শিল্পী-পৰিচালক তথা আকাশবাণীৰ জনপ্ৰিয় বাতৰি পৰিৱেশক প্ৰয়াত নীৰেন বৰুৱাৰ স্মৃতিত এই প্ৰতিযোগিতাখনি প্ৰতিবছৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ উদ্যোগতে আয়োজিত হৈ আহিছে৷(Maintain a natural pace)
১৯৯৯-২০০১ চনলৈ এগৰাকী প্ৰতিভাৱান মঞ্চ পৰিচালক আৰু নিউ আৰ্ট প্লেয়াৰ্ছৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হৈ থাকিও প্ৰয়াত বৰুৱাই “সময়”, “সৰাপাতত বসন্ত”, “ঘৰ”, “মকৰা জাল”, “আবেলিৰ ৰ’দ”কে ধৰি বহু নাটক পৰিচালনা কৰিছিল৷ অতি জনপ্ৰিয় অনাতাঁৰ নাটক “সুৰ”, “বৰুৱাৰ সংসাৰ”, “সপোন সন্ধ্যা”, “বিৰিণা পাতৰ আঙুঠি” আদি অসংখ্য নাটকত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ অসমৰ চলচ্চিত্ৰ জগতলৈও নীৰেন বৰুৱাৰ উল্লেখযোগ্য অৱদান আছিল৷
সহকাৰী পৰিচালক হিচাপেও (তেওঁৰ স্বনামধন্য জ্যেষ্ঠ ভ্ৰাতৃ প্ৰয়াত নিপ বৰুৱা) তেওঁৰ উল্লেখনীয় ভূমিকা আছিল৷ “সোনমা”, “আজলি নবৌ”, “এন্হনী মোৰ নাম ”, “শকুন্তলা আৰু শংকৰ জোচেফ আলী” আৰু “আই মোৰ জনমে জনমে”ত তেওঁ সহকাৰী পৰিচালক হিচাপে বৰুৱাই অৱদান আগবঢ়োৱাৰ লগতে “মুকুতা”, “সোণতৰা”, বৰুৱাৰ সংসাৰ ” আদি চলচ্চিত্ৰতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ ২০২৪ বৰ্ষৰ বাবে আয়োজন কৰা এই সন্মানীয় প্ৰতিযোগিতাখনত আঁত ধৰে নিউ আৰ্ট প্লেয়াৰ্ছৰ কোষাধ্যক্ষ কল্যাণ কুমাৰ দাসে৷ সংঘৰ উপসভানেত্ৰী মল্লিকা বৰুৱাই আদৰণি ভাষন প্ৰদান কৰে৷
প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰয়াত বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰখ্যাত আবৃত্তিকাৰ অবনী বৰা, ইন্দ্ৰজিত দাস আৰু ডাঃ অৱনী চৌধুৰী৷ আবৃত্তি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিশিষ্টা সত্ৰীয়া নৃত্যশিল্পী ডাঃ মিৰনন্দা বৰঠাকুৰ আৰু ভায়লিনা ঠাকুৰীয়াই নৃত্য পৰিবেশন কৰে৷
২৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ লাভ কৰে অঙ্কিতা গোস্বামী, দ্বিতীয় পুৰস্কাৰ জোনালী ডেকা বৰুৱা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে দেবাশীষ ৰাজকুমাৰে৷ লগতে তৃষ্ণা শইকীয়া দাস, কিংকৰ বৰা, গিতামনি ডেকা দাস আৰু আব্দুল মতলীব চৌধুৰীকো বিচাৰকৰ বিশেষ বঁটাৰে সন্মানিত কৰা হয়৷
প্ৰতিযোগিতাৰ শেষত বিচাৰকসকলে নিজৰ মতামত ব্যক্ত কৰি কয় যে আবৃত্তি কৰিবলৈ হ’লে কবিতাৰ প্ৰতি প্ৰেম, বাকপটুতা, আৰু অনুশীলন একান্তই প্ৰয়োজনীয়৷ অনুষ্ঠানৰ শেষত মুখ্য অতিথিৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী বিশিষ্টা অভিনেত্ৰী মলয়া গোস্বামীয়ে বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে আৰু সকলো অংশগ্ৰহণকাৰীক প্ৰশংসা কৰে৷
লগতে মুখ্য অতিথি গৰাকীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ সান্নিধ্য সোৱঁৰাৰ লগতে একেৰাহে আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে শলাগ লয়৷ শেষত ড° সুৰঞ্জনা বৰুৱাই বটা বিতৰণী সভাৰ আঁত ধৰে আৰু শলাগৰ শৰাই আগবঢ়ায়৷ প্ৰতিযোগিতাখনি যুটীয়াকৈ সঞ্চালন কৰে কল্যাণ কুমাৰ দাস, জয়ন্ত শৰ্মা আৰু চেমিমা খাতুনে৷