মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত উদ্ধৱ থাকৰেৰ দল পৰাজিত হয়। বিজেপি-শিৱসেনা (একনাথ শিণ্ডে)-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰতা বিপুল ভোটেৰে জয়লাভ কৰে। উদ্ধৱ থাকৰেৰ পৰাজয়ৰ পিছত কংগনাৰ অনুৰাগীসকলে ২০২০ চনৰ এটা ঘটনাৰ কথা মনত পেলাইছে।(Kangana Ranaut)
২০২০ চনত মুম্বাইত অবৈধ নিৰ্মাণৰ অভিযোগত বিএমচি (বৃহনমুম্বাই পৌৰ নিগম)ই কংগনাৰ ঘৰৰ কিছু অংশ ভাঙি পেলাইছিল। বিষয়টোক লৈ কংগনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ঘৰৰ এটা অংশ ভাঙি পেলোৱাৰ পিছত কংগনাই এটা ভিডিঅ’ পোষ্ট কৰে। উদ্ধৱে থাকৰে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি কংগনাই কৈছিল – উদ্ধৱ থাকৰে ‘চিনেমা মাফিয়া’ৰ লগত হাত মিলাই মোৰ ঘৰ ভাঙি ডাঙৰ প্ৰতিশোধ ল’লে কি বুলি ভাবিছা? মোৰ ঘৰখন আজি ভাঙিলা। কাইলৈ আপোনাৰ অহংকাৰ পতন হ’ব। সময়ে সকলোকে ক’ব। মনত ৰখা উচিত পৰিস্থিতি সদায় একে নহয়।”(Uddhav Thakrey)
কংগনাই অনুভৱ কৰে যে এইবাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ ফলাফল ঘোষণাৰ পিছতে উদ্ধৱে নিজৰ কৰ্মৰ ফল লাভ কৰিছে। সোমবাৰে এটা সংবাদ সংস্থাক কংগনাই কয়, ‘মই এনেকুৱা ফলাফল আশা কৰিছিলোঁ। ইতিহাসে সাক্ষ্য দিব, আমি কেনেকৈ দানৱ আৰু দৈত্যক চিনি পালোঁ। নাৰীক অসন্মান কৰা সকল দানৱৰ বাহিৰে আন একো নহয়।”
লগতে কংগনাই ক’লে, “মোৰ ঘৰ ভাঙিলে। মোক গালি-গালাজ কৰিলে। তেওঁলোকে ভাল আৰু ভুলৰ পাৰ্থক্য বুজি নাপায়, সেইটোৱেই প্ৰমাণ।”