সামাজিক মাধ্যমত আৱেগভৰা পোষ্ট ঋষভ পন্তৰ।(Rishab Pant) দিল্লী কেপিটেলছ এৰাৰ পূৰ্বে আৱেগিক হ’ল ঋষভ পন্ত। (LSG)সামাজিক মাধ্যমত ক্ৰিকেটাৰগৰাকীয়ে লিখিলে-
‘দিল্লী কেপিটেলছৰ সৈতে মোৰ যাত্ৰা অবিস্মৰণীয়’, “খেলপথাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই দলটোৰ সৈতে কটোৱা সময়খিনি অকল্পনীয়। মই কিশোৰ অৱস্থাতে এই দলটোলৈ আহিছিলো। যোৱা ৯ বছৰ দলটোৰ সৈতে আমি একেলগে ডাঙৰ হৈছো। এই যাত্ৰাক যিয়ে মূল্যৱান কৰি তুলিলে সেয়া হৈছে অনুৰাগীসকল। আপোনালোকে মোৰ বাবে উল্লাস কৰিছে। মোৰ জীৱনৰ এটা কঠিন পৰ্যায়ত মোৰ কাষত থিয় দিছে। আপোনালোকৰ মৰম আৰু সমর্থন হৃদয়ত কঢ়িয়াই লৈ ফুৰো। এই যাত্রাক ইমান বিশেষ কৰি তোলাৰ বাবে ধন্যবাদ।”(Delhi Capitals)
২৭ কোটি টকাত ঋষভ পন্তক ক্ৰয় LSGৰ। IPL ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় ঋষভ পন্ত। দিল্লী কেপিটেলে ‘ৰাইট টু মেচ কাৰ্ড’ ব্যৱহাৰ কৰি পন্তক ধৰি ৰাখিব বিচাৰিছিল। কিন্তু দিল্লীৰ সামৰ্থ নহ’ল। ফলত পন্ত লক্ষ্ণৌলৈ যায়। ২৭ কোটি টকাৰে LSGৰে ক্ৰয় কৰে ঋষভক। এতিয়া দিল্লী কেপিটেলছৰ বিদায়ৰ সময়ত আৱেগিক হোৱা দেখা গৈছে পন্তক।