পাকি/স্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক (Imran Khan) মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে পাকিস্তানৰ ৰাজধানী ইছলামবাদত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত চৰকাৰে সেনাক হস্তক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে। ইছলামবাগৰ ৰাজপথত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও চাৰিজন পুলিচ আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২৪৫ নং ধাৰাত “শ্বুট এট চাইট”ৰ নিৰ্দেশ জাৰি কৰে – যিটো সশস্ত্ৰ বাহিনীৰ বাবে “বাহ্যিক আগ্ৰাসন বা যুদ্ধৰ ভাবুকিৰ বিৰুদ্ধে পাকিস্তানক ৰক্ষা কৰিবলৈ” উদ্দেশ্য কৰা এটা দফা। সংবাদ মাধ্যমে সেনাবাহিনীৰ এই নিৰ্দেশত সৈনিকসকলক “কাকো ক্ষমা নকৰিবলৈ” নিৰ্দেশ দিছে।
পাকিস্তানৰ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ সতৰ্কবাণী অৱমাননা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক মুক্তিৰ দাবী জনাই আহিছে। সমগ্ৰ পাকিস্তানৰ পৰা লাখ লাখ নাগৰিকে লাঠি, শিল, কেটাপল্ট লৈ ইছলামবাগৰ ৰাজপথত নামি আহিছে।
২০১৮ চনৰ পৰা ২০২২ চনৰ ভিতৰত ৩ বছৰৰ অলপ বেছি সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ক্ৰিকেটাৰ ৰাজনীতিবিদ ইমৰান খান বছৰ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছে আৰু পাকিস্তানী বহু প্ৰতিষ্ঠানে বহিষ্কাৰ কৰি আহিছে তেওঁক। পাকিস্তানত বহু অনুগামী থকাৰ পিছতো মিষ্টাৰ খানক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বাধা দিয়া হৈছে। এতিয়া তেওঁৰ বিৰুদ্ধে প্ৰতাৰণা আৰু দুৰ্নীতিৰ পৰা আৰম্ভ কৰি কেইবা ডজনো আইনী গোচৰৰ অভিযোগ উত্থাপন হৈছে, আনকি দেশদ্ৰোহৰ অভিযোগো – যি সকলো তেওঁৰ মতে তেওঁক ৰাজনৈতিক প্ৰত্যাৱৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক ফ্ৰেমৱৰ্ক কৰা হৈছে।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা পাকিস্তানৰ নিৰ্বাচনত ইমৰাণ খানৰ বিৰোধী দলসমূহে ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে। যদিও মিষ্টাৰ খানক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰা বাধা দিয়া হৈছিল, তথাপিও তেওঁৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
নিৰ্বাচনত ইমৰাণ খানৰ দলটোৱে আন যিকোনো দলতকৈ অধিক আসন লাভ কৰিছিল যদিও সামৰিক প্ৰভাৱৰ প্ৰতি অধিক নমনীয় বুলি বিবেচিত দলসমূহৰ মিত্ৰজোঁটে তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰাই পেলাইছিল। এতিয়া ইছলামবাদত চলি থকা প্ৰতিবাদৰ এই দুটা মূল দাবী- ‘ইমৰাণ খানক মুকলি কৰি দিয়া’, আৰু কথিতভাৱে ঠগবাজী কৰা নিৰ্বাচনী ফলাফল উলংঘা কৰা।
ইমৰাণ খানৰ দল – পাকিস্তান তেহৰিক-ই-ইনছাফ বা পিটিআই-এ নিজৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰাৰ চেষ্টাৰ বিৰুদ্ধে সংকল্প প্ৰকাশ কৰি সমগ্ৰ দেশতে সঘনাই সমাৱেশ কৰি চৰকাৰী সকলো দমন কাৰ্যসূচীক অৱজ্ঞা কৰিছে। ইছলামাবাগত বৰ্তমানৰ এই সমাৱেশ হৈছে যোৱা বছৰ আগষ্ট মাহত ইমৰাণ খান জেললৈ যোৱাৰ পিছত তেওঁৰ সমৰ্থনত কৰা সৰ্ববৃহৎ প্ৰতিবাদ।
যদিও প্ৰতিবাদসমূহ শান্তিপূৰ্ণ হোৱাৰ উদ্দেশ্য আছিল, আৰক্ষী পিছুৱাই যোৱাৰ পিছত ই হিংসাত্মক ৰূপ ধাৰণ কৰে য’ত চাৰিজন আৰক্ষী আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয় আৰু প্ৰায় এক ডজন লোক গুৰুতৰভাৱে আহত হয়।
প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে “বিপ্লৱ বিচৰা নাই বৰঞ্চ ৰক্তপাত বিচৰা” “বিঘ্নিতকাৰী উপাদান”ক দোষাৰোপ কৰিছে। তেওঁ আৰু কয় যে “এয়া শান্তিপূৰ্ণ প্ৰতিবাদ নহয়, ই উগ্ৰবাদ” বুলি দাবী কৰি কয় যে যিসকলক হত্যা কৰা হৈছিল তেওঁলোকক “বাহনেৰে খুন্দিয়াই মাৰিছিল”।
শনিবাৰৰ পৰা ইছলামবাগ ঘেৰাও কৰি সম্পূৰ্ণ দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ২০ হাজাৰৰো অধিক আৰক্ষী আৰু কেইবাজনো জোৱানক লাঠি, বন্দুক, ৰাইফল, কন্দুৱা গেছৰ গোলা, দাঙ্গাৰ সামগ্ৰী লৈ মাতি অনা হৈছে। প্ৰতিবাদকাৰীক নিৰীক্ষণৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হৈছে। জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ বাহিৰেও চৰকাৰে সকলো ৰাজহুৱা সমাৱেশত দুমাহৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।