Bollywood: উৰ্বশীৰ বিয়া কেতিয়া তেওঁ নিজেই ক’লে

বলীউডৰ আটাইতকৈ চৰ্চিত আৰু সমালোচনা হোৱা তাৰকাৰ ভিতৰত উৰ্বাশী ৰাওটেলাৰ নাম সদায় শীৰ্ষত থাকে। ইটোৰ পিছত সিটো বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি কৰাত উৰ্বশী অতুলনীয়! অভিনয়ৰ কথা যিমানেই চৰ্চা হয়, প্ৰেমৰ কথা তাতকৈ বেছি। ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ সৈতে তেওঁৰ প্ৰেমৰ উৰাবাতৰি দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু এইবাৰ প্ৰেম নহয়, বিবাহৰ প্ৰশ্ন এইগৰাকী নায়িকালৈ নিক্ষেপ কৰা হৈছে।

তেওঁ কয়,এই সম্পৰ্ক কৰ্তন কৰিবলৈ আৰু ডেৰ-দুবছৰ সময় লাগিব। তাৰপাছতহে মই বিয়া পাতিম। মুহূৰ্ততে
ছচিয়েল মিডিয়াত বিয়পি পৰে উৰ্বশীৰ উত্তৰ। এজন reddit ব্যৱহাৰকাৰীয়ে উৰ্বশীৰ সাক্ষাৎকাৰৰ এই ভিডিঅ’টো পোষ্ট কৰাৰ পাছত অতি সোনকালেই ভাইৰেল হৈ পৰে। কিন্তু বহুতে উৰ্বশীৰ এয়া সঁচা উত্তৰ নহয় বুলি দাবী কৰিছে। উৰ্বশীৰ অবিবাহিত প্ৰেক্ষাপটত কোনোবাই পুনৰ উৰ্বশীৰ ঋষভ পন্থৰ সৈতে সম্পৰ্কৰ উৰাবাতৰি উত্থাপন কৰিছে।
অৱশ্যে উৰ্বশীয়ে ঋষভৰ সৈতে হোৱা প্ৰেমৰ সম্পৰ্কক সদায় অস্বীকাৰ কৰি আহিছে।তেওঁৰ ভাষাত ‘ঋষভৰ কথা মোৰ লগত বহুত কথা পতা হয়। মই স্পষ্টকৈ ক’ব বিচাৰিছো যে ইয়াৰ কোনো সত্যতা নাই। ব্যক্তিগত জীৱনৰ আলোচনা কৰি ভাল নাপাওঁ। মোৰ লক্ষ্য কেৱল মোৰ কেৰিয়াৰ উন্নত কৰা। কামৰ লগত থাকি ভাল পাওঁ। চচিয়েল মিডিয়াত তথ্যৰ বাবে মানুহে কিয় ইমান উৎসাহিত হয় নাজানো। অৱশ্যে এই উৰাবাতৰিৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
বৰ্তমান উৰ্বাশী সকলো উৰাবাতৰি একাষৰীয়া কৰি অভিনয়ত ব্যস্ত । দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁক বেছিভাগেই আইটেম গীত আৰু আকৰ্ষণীয় চৰিত্ৰত দেখা পাইছে। গতিকে গ্লেমাৰ গাৰ্লৰ সলনি অভিনেত্ৰী হিচাপে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ খোজ আগবঢ়াইছে। সেইবাবেই তেওঁ এতিয়া কাহিনী আৰু চৰিত্ৰ বাছি লৈ চিনেমাৰ কাম হাতত লৈছে। বলীউডৰ এই তাৰকাগৰাকীৰ শেহতীয়া কামৰ তালিকাত আছে ‘ইন্সপেক্টৰ অবিনাশ’, ‘এনবিকে ১০৯’, ‘দিল হায় গ্ৰে’কে ধৰি আন কেইবাখনো ছবি; যাৰ জৰিয়তে দৰ্শকে নতুন উৰ্বশীক চাবলৈ পাব বুলি আশা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

Related Articles