বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ব্ৰিটিছ নাগৰিক জন টিনিছউডৰ ১১২ বছৰ বয়সত মৃত্যু হৈছে। তেওঁ উত্তৰ পশ্চিম ইংলেণ্ডৰ চাউথপ’ৰ্টৰ এটা কেয়াৰ হোমত বাস কৰিছিল। মঙলবাৰে এই তথ্য প্ৰকাশ কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে।
১৯১২ চনৰ ২৬ আগষ্টত লিভাৰপুলত জন্মগ্ৰহণ কৰা টিনিছউডৰ সোমবাৰে মৃত্যু হয়।
টিনিছউডৰ পৰিয়ালে এক বিবৃতিত কয় যে তেওঁৰ অন্তিম দিনবোৰ সংগীত আৰু প্ৰেমৰ পৰিৱেশত কটায়। বছৰ বছৰ ধৰি টেনিছউডৰ যত্ন লোৱাসকলৰ প্ৰতিও তেওঁলোকে কৃতজ্ঞতা প্ৰকাশ কৰে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত ভেনিজুৱেলাৰ ১১৪ বছৰীয়া জুয়ান ভিচেণ্টে পেৰেজ মোৰাৰ মৃত্যুৰ পিছত টেনিছউড বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয়। আনহাতে, বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত মহিলাগৰাকী হৈছে জাপানৰ টমিকো ইটুকা।
টাইটানিক জাহাজ ডুব যোৱা বছৰত জন্মগ্ৰহণ কৰা টিনিছউডে দুটা বিশ্বযুদ্ধৰ পৰিঘটনাৰ সাক্ষী হৈছিল। তেওঁৰ দীৰ্ঘায়ুৰ ৰহস্যৰ বিষয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক কয়, ‘এই সকলোবোৰ ভাগ্যৰ কথা। হয় আপুনি বেছি দিন জীয়াই থাকিব, নহয় কম দিন জীয়াই থাকিব।ইয়াৰ ওপৰত তোমাৰ বিশেষ নিয়ন্ত্ৰণ নাই।’
কিন্তু টিনিছউডে সুস্থ হৈ থাকিবলৈ মধ্যমীয়া জীৱন যাপনৰ পৰামৰ্শ দিছিল। তেওঁ কয় যে যদি আপুনি বেছিকৈ মদ্যপান কৰে, বেছিকৈ খায় বা বেছিকৈ খোজ কাঢ়িব পাৰে তেন্তে অতিৰিক্ত যিকোনো বস্তুৱে অৱশেষত দুখৰ সৃষ্টি কৰিব।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত টিনিছউডে ৰয়েল আৰ্মি পে কৰ্পছত প্ৰশাসনিক পদত অধিষ্ঠিত আছিল। পিছলৈ তেওঁ তেল কোম্পানী শ্বেল আৰু বি পিৰ একাউণ্টিং বিভাগত কাম কৰে।
লিভাৰপুল ফুটবল ক্লাবৰ আজীৱন সমৰ্থক আছিল আৰু প্ৰতি শুকুৰবাৰে তেওঁ মাছ আৰু চিপচ খাইছিল।