Margherita । মে-ডাম-মে-ফি হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত এক উৎসৱ।পূৰ্বপুৰুষক উপাসনাৰে দেশ তথা জাতিৰ মঙ্গল কামনাৰে আয়োজিত কৰা হয় এই উৎসৱ (May Dam Me Phi) ।
বিগত বৰ্ষৰসমূহৰ দৰে এইবাৰো মে-ডাম মে-ফি ভাগি ৩০ আৰু ৩১ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা সম-জিলা ভিত্তিত মাৰ্ঘেৰিটাৰ চাও চেং ৰেনত অনুষ্ঠিত হ’ব কৰিবলৈ লোৱা হৈছে।
মিন্টু দেওধাই ফুকনক সভাপতি ৰূপম গগৈক কাৰ্যকৰী সভাপতি আৰু ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদৰ্যাপন সমিতিয়ে উদৰ্যাপনৰ দ্বায়িত্ব লাভ কৰিছে। মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটাৰ স্থিত হোটেল ৰয়েল ট্ৰিট’ত উদৰ্যাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত কৰা হয়।
উক্ত বৈঠকত সভাপতিত্ব কৰে উদৰ্যাপন সমিতিৰ সভাপতি মিণ্টু দেওধাই বৰুৱাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে মূখ্য সম্পাদক ৰাণাজ্যোতি নেওগে। উদৰ্যাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি এইবাৰ প্ৰায় ১৭ লক্ষাধিক টকা বাজেটেৰে মে-ডাম-মে-ফি ভাগি উদৰ্যাপন কৰাৰ হ’ব।
দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ এই কাৰ্যসূচীত আহোম জনগোষ্ঠীয় বিভিন্ন নৃত্য কলা আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব বুলিও জানিবলৈ দিছে উদৰ্যাপন সমিতিয়ে।