Kaziranga । কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

Kaziranga। ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে । আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা (আই টি এম)ত অংশগ্ৰহণ কৰা বাবে অহা বিদেশী আৰু ঘৰুৱা প্ৰতিনিধিসকলে শেহতীয়াকৈ ৰাজ্যখনৰ পূব প্ৰান্তৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰে । চলিত বৰ্ষৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ মৈদাম ভ্ৰমণকে ধৰি ৰাজ্যখনৰ পূব প্ৰান্তৰ ঐতিহাসিক স্থানসমূহ ভ্ৰমণ কৰে বুলি পৰ্যটন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । চৰাইদেউ মৈদামস্থলীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে স্বীকৃতি লাভ কৰি ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত ৪৩ সংখ্যক স্থান লাভ কৰিছে।

স্থানীয় সূত্ৰই সদৰী কৰা মতে,পৰ্যটন বিভাগে টাই আহোমৰ পৰম্পৰাগত ৰীতি-নীতিৰ লগতে অসমীয়া খাদ্য়ভ্যাস, সংস্কৃতি আদি উপস্থাপন কৰাৰ ব্যৱস্থা কৰে ।

একদৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ ত অংশগ্ৰহণ কৰিবলৈ অহা ১০০ ৰো অধিক দেশী-বিদেশী প্ৰতিনিধিৰ এটা দলে ৰংঘৰ পৰিদৰ্শন কৰে বুলি জানিবলৈ দিছে স্থানীয় এক সূত্ৰই । পৰ্যটকৰ এই দলটোৱে বিয়লী ভাগত স্বৰ্গদেউ ৰুদ্ৰ সিংহ উদ্যানত অসমীয়া থলুৱা আহাৰ আৰু ব্যঞ্জনৰ সোৱাদ লয় । লগতে বিহু, মিচিং নৃত্য আদিও উপভোগ কৰে দেশী-বিদেশী প্ৰতিনিধি সকলে ।

উল্লেখ্য যে, আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত হ’ব দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা। আজিৰ আৰম্ভণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ । এই মেলা অন্ত পৰিব অহা ২৯ নৱেম্বৰত ।

Related Articles