Breaking

মৰাণত সত্ৰীয়া নৃত্য বিদ্যালয়ৰ উদ্বোধন কৰিলে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে

0 2,030

সাংস্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান অধিকাৰ কৰি অহা উজনি অসমৰ মৰাণত আজি অন্য এক সাংস্কৃতিক দিশ সংযোজন ঘটিল। মৰাণত আজিৰে পৰা সত্ৰীয়া নৃত্য কলা  এক প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ হ’ল।

সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উদীয়মান যুৱক চন্দন চায়া(চন্দন কোঁৱৰ)ৰ অধ্যক্ষতাত মৰাণহাট জ্যোতিপুৰত “কলা মন্দিৰ” নামেৰে আজিৰে পৰা আৰম্ভ কৰা সত্ৰীয়া নৃত্য প্ৰশিক্ষণ বিদ্যালয়খন ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাঙে। মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে অনুষ্ঠানত বন্তি প্ৰজ্জলন কৰে। আহোম জাতীয় গণ মঞ্চ,অসমৰ কেন্দ্ৰীয় সমিতিৰ সহঃকৰী সম্পাদক অকণ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃকাৰী সম্পাদক দেৱজিৎ গগৈ,মৰাণ মহাবিদ্যালয়ৰ প্ৰবক্তা নবীন গগৈ,সমাজকৰ্মী মোহিনী মোহন লিগিৰা আৰু শিক্ষক ভীমবৰ পাতিৰিয়ে  অংশ গ্ৰহণ কৰি শুভেচ্ছা মুলক বক্তব্য ৰাখে।

Leave A Reply

Your email address will not be published.