লেবাননত ইজৰাইল আৰু সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি আৰম্ভ। আজি স্থানীয় সময় অনুসৰি পুৱা প্ৰায় চাৰি বজাৰ পৰা দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি আৰম্ভ হয়। দুয়োপক্ষই আমেৰিকা আৰু ফ্ৰান্সৰ মধ্যস্থতাত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। যুদ্ধবিৰতি আৰম্ভ হ’লেও ইজৰাইলে লেবাননৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ নকৰে। অৱশ্যে ৬০ দিনৰ ভিতৰত লেবাননৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিব লাগিব বুলি আমেৰিকাৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছতো সমগ্ৰ বেইৰুটতে গুলীৰ শব্দ শুনা গৈছিল। যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিছতে দক্ষিণ লেবাননৰ পৰা হাজাৰ হাজাৰ স্থানচ্যুত লোকে নিজৰ ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে। অৱশ্যে লেবাননৰ সেনাই ইজৰাইলৰ সীমান্ত বসতিস্থলসমূহত থকা লোকক ঘৰলৈ উভতি যাবলৈ আৰু অলপ সময় অপেক্ষা কৰিবলৈ কয়। মঙলবাৰে বিদায়ী আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি চুক্তিৰ কথা ঘোষণা কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু লেবাননৰ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী নাজিব মিকাটিৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে যুদ্ধবিৰতি পুৱা ৪ বজাৰ পৰা কাৰ্যকৰী হ’ব।