Hemant Soren Oath Ceremony: আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JMMৰ নেতা হেমন্ত ছোৰেনে

বহু চেষ্টা কৰিও কিয় বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ গঠন কৰিব নোৱাৰিলে? আজি ৰাঁচীত ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত ছোৰেনে। (Hemant Soren Oath Ceremony)বিয়লি ৪ বজাত ৰাজধানী ৰাঁচীৰ মোৰহাবাদী খেলপথাৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকিব কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে, সাংসদ ৰাহুল গান্ধী। শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে পাঠ কৰোৱাব শপত বাক্য। ঝাৰখণ্ডৰ চতুৰ্দশ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বে ছোৰেনে এটা পোষ্টত লিখিছিল It is a day to repeat the battle that is fighted everyday.

হেমন্ত ছোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন INDIA মিত্ৰজোঁটে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। ৮১খন আসনৰ ভিতৰত ৫৬খন আসনত জয়ী হৈ ক্ষমতা অক্ষুণ্ণ ৰাখিলে মিত্ৰজোঁটটোৱে। আনহাতে বিজেপি নেতৃত্বাধীন NDAয়ে সকলো চেষ্টা কৰিও মাত্ৰ ২৪খন আসনহে লাভ কৰিব পাৰিছিল। প্ৰত্যক্ষ যুঁজত বিজেপিক পৰাস্ত কৰাৰ পিছত বৃহস্পতিবাৰে ছোৰেনৰ শপত গ্ৰহণ অনুষ্ঠানত শক্তি প্ৰদৰ্শন কৰিব INDIA মিত্ৰজোঁটে।

মিত্ৰজোঁটত অন্তৰ্ভুক্ত জেএমএমই ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত এতিয়ালৈকে সৰ্বাধিক জয় লাভ কৰিছিল। জেএমএময়ে ৪৩খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, ইয়াৰে ৩৪খন আসনত জয়ী হৈছিল। আনহাতে কংগ্ৰেছে ১৬খন আসন লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় জনতা দলে ৪খন আৰু চিপিআই (এমএল) লিবাৰেশ্যনে দুখন আসন লাভ কৰে। জেএমএমৰ দাবী যে যদিহে ৰাজ্যত বেলট পেপাৰৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’লহেঁতেন তেন্তে ইণ্ডিয়া ব্লকৰ প্ৰাৰ্থীয়ে ৮১খন আসনৰ ভিতৰত কমেও ৭৫খন আসন লাভ কৰিলেহেঁতেন। দলটোৱে এক্সত এনে এটা পোষ্ট কৰিছিল যিটো হেমন্ত সোৰেনেও নিজৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল।(Jharkhand)

শেহতীয়াকৈ সমাপ্ত হোৱা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে মাত্ৰ ২৪খন আসনহে লাভ কৰিছিল। লোকসভা নিৰ্বাচনৰ পিছত বিজেপিৰ বাবে এইটোৱেই আছিল একেৰাহে দ্বিতীয়টো বিপৰ্যয়, যেতিয়া ৰাজ্যখনৰ মুঠ ১৪খন সংসদীয় আসনৰ ভিতৰত পাঁচখন জনজাতীয় আসনতে বিজেপিয়ে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত ‘বাংলাদেশী অনুপ্ৰৱেশ’, দুৰ্নীতি আৰু আইন-শৃংখলা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াৰ পিছতো হেমন্ত ছোৰেণ আৰু তেওঁৰ পত্নী কল্পনাৰ আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰে বিজেপিৰ পৰিকল্পনা যেন বিনষ্ট কৰি পেলালে।

জেএমএম-এ ঝাৰখণ্ডৰ ৩২টা জনজাতি, য’ত আঠটা বিশেষভাৱে দুৰ্বল জনজাতি গোটকে ধৰি, তেওঁলোকৰ কল্যাণ আগবঢ়াব বুলি আস্থা দিছিল। জেএমএম চৰকাৰৰ ‘ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মাইয়া সন্মান যোজনাই’ মহিলাৰ মাজতো দলৰ ভোটবেংক মজবুত কৰি তুলিলে। এই আঁচনিৰ অধীনত ১৮-৫০ বছৰ বয়সৰ মহিলাক ১০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। জেএমএম ক্ষমতালৈ আহিলে ২৫০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। অৱশেষত তেওঁলোকেই গঠন কৰিব চৰকাৰ।

Related Articles