Skin Care: পাঁচবিধ ফলৰ ৰস দৈনিক খোৱাৰ আৰম্ভ কৰক আৰু ছালৰ সমস্যাৰ পৰা বিদায় লওক

আমি আমাৰ ছালৰ বাবে বহু ছালৰ যত্নৰ সামগ্ৰী ব্যৱহাৰ কৰো। মাজে সময়ে আমি ছালৰ ব্যয়বহুল চিকিৎসাৰ বাবে পাৰ্লাৰলৈ গৈ সময় আৰু ধনো নষ্ট কৰে। ইয়াৰ প্ৰভাৱো মাত্ৰ কেইদিনমানৰ বাবেহে দেখা যায়। কিন্তু আপুনি জানেনে শাক-পাচলি আৰু ফল-মূল, যিবোৰ বেছিভাগ মানুহে খাই ভাল নাপায় কিন্তু সেইবোৰ আমাৰ ছালৰ বাবে বহু উপকাৰী। বীট, পালেং, বিলাহী আদি বস্তু, যিবোৰত পুষ্টিকৰ উপাদান থাকে। এই পাচলিয়ে ছালখনক ভিতৰৰ পৰা উজ্জ্বল কৰি তোলে আৰু লগতে ছালখন সুন্দৰ কৰি ৰখাত সহায় কৰে।(Skin Care)


এলোভেৰাৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। দৈনিক এলোভেৰা ৰস খালে শৰীৰৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে হজম শক্তি উন্নত কৰাত সহায় কৰে। ইয়াৰ ফলত পেটৰ লগত জড়িত সমস্যাবোৰ ভাল হয়।(skin problems)

বীটৰ ৰসত ৰসত এন্টিঅক্সিডেন্ট গুণ থাকে। যিয়ে ছালখনক বিপদজনক UV ৰশ্মিৰ পৰা ৰক্ষা কৰে। শীতকালত বীটৰ ৰস খালে ছালখন ভালে থাকে কাৰণ ইয়াত ৮৭% পানী থাকে, যিয়ে ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। লগতে দৈনিক খালে মুখৰ ক’লা দাগ, বলি ৰেখা আৰু সমস্যা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।


বিলাহীৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, যাৰ এন্টি-অক্সিডেন্ট গুণ আছে। ই আমাৰ মুখৰ ব্ৰণ আৰু বলি ৰেখা কমোৱাৰ কাম কৰে। বিলাহীত থকা ভিটামিন চিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু কলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে ছালৰ স্থিতিস্থাপকতাত সহায় কৰে।

তিয়হৰ ৰসত ৯৬% পানী থাকে, যিয়ে ছালখন হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। যাৰ বাবে ছালৰ উন্নতি হয়। তিয়হত এন্টি-অক্সিডেন্ট গুণ থাকে।

পালেঙত বহুতো পুষ্টিকৰ উপাদান, এন্টি-বেক্টেৰিয়েল গুণ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে ছালত তেল উৎপাদন হ্ৰাস কৰে। এই ৰসে ছালত আৰ্দ্ৰতা প্ৰদান কৰে, যাৰ ফলত মুখখন জিলিকি উঠে আৰু বলিৰেখাৰ দৰে ছালৰ সমস্যা দূৰ কৰে।

Related Articles