Priyanka Gandhi। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ।( Priyanka Gandhi )

হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে


প্ৰিয়ংকা গান্ধীৰ শপতগ্ৰহণৰ সময়ত সংসদত তেওঁৰ মাতৃ ছোনিয়া গান্ধী, ভাতৃ ৰাহুল গান্ধী আৰু দুই সন্তান ক্ৰমে ৰেহান ৱাদ্ৰাই আৰু মিৰায়া ৱাদ্ৰাইও উপস্থিত থাকে । ইফালে শপতগ্ৰহণৰ পূৰ্বে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাইই কয় যে তেওঁ অত্যন্ত সুখী।
প্ৰিয়ংকা গান্ধীয়ে নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ (চিপিআই) সত্যেন মোকেৰীক পৰাস্ত কৰি ৪,১০,৯৩১ টা ভোটৰ ব্যৱধানত ৱায়ানাড় লোকসভা আসনত জয়ী হৈছিল ।


Related Articles