PM MODI:পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহিছে হ*ত্যা*ৰ ভা*বু*কি

ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই ফোনটো এগৰাকী ৩৪ বছৰীয়া মহিলাই কৰিছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। (MODI)

জানিব পৰা মতে, বুধবাৰে পুৱা মুম্বাই আৰক্ষী যান-বাহন নিয়ন্ত্ৰণ কক্ষলৈ প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি কোৱা হয়। ইয়াৰ পিছতেই সক্ৰিয় হৈ পৰে মুম্বাই আৰক্ষী। মহিলাগৰাকীৰ ফোনটোৰ স্থান বিচাৰি উলিয়াই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মতে মহিলাগৰাকী মানসিকভাৱে সুস্থ নহয়। কিন্তু এই ভাবুকিৰে কিয় ফোন কৰিলেতাৰ তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে,বিশেষ সুৰক্ষা গোট চমুকৈ এছ পি জিয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাৰ বাবে দায়বদ্ধ। যোৱা ছবছৰত মোডীয়ে কেইবাবাৰো মৃত্যুৰ ভাবুকি লাভ কৰিছে। ২০১৮ চনত মহাৰাষ্ট্ৰৰ মহম্মদ আলাউদ্দিন খান নামৰ এজন ব্যক্তিয়ে ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি দিছিল। তেওঁ উগ্ৰপন্থী সংগঠন জৈছ-ই-মহম্মদৰ সদস্য বুলিও দাবী কৰে। ২০২২ চনত কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনেও মোডীক হত্যা কৰাৰ ভাবুকি দিয়া এখন পত্ৰ লাভ কৰিছিল আৰক্ষীয়ে। চিঠিখনত লিখা আছিল যে মোডীৰ ভাগ্য ৰাজীৱ গান্ধীৰ দৰে হ’ব। তেতিয়া কেৰালা ভ্ৰমণত ওনমন্ত্ৰীগৰাকী আৰু পিছত আৰক্ষীয়ে আটক কৰে লোকজনক। ২০২৩ চনত হাৰিয়ানাৰ এজন ব্যক্তিয়ে মোডীক হত্যা কৰাৰ ভাবুকি দি ভিডিঅ’ নিৰ্মাণ কৰিছিল। আনহাতে যোৱা বছৰৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল।

Related Articles