Breaking

মিকিৰ বামুণী গ্ৰাণ্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকৰ কাষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ কৰ্মী

0 2,075

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী ক্ষতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি ‘আজুৰ’ নামৰ এটা বহুজাতিক প্ৰতিষ্ঠানে এটা সৌৰ প্ৰকল্প স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি স্থানীয় কৃষকৰ লগতে বহু কেইটা দল-সংগঠন সোচ্ছাৰ হৈ পৰে। শেহতীয়াকৈ এই বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । আনহাতে এই বিষয়টো সম্পৰ্কত অনুসন্ধান কৰিবৰ বাবে  কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী তথা পৰিৱেশ কৰ্মী আহি নগাঁৱত উপস্থিত হৈছেহি । এই সকলৰ ভিতৰত গ্ৰীণ নবেল বঁটাৰে সন্মানিত বিশিষ্ট পৰিৱেশ কৰ্মী প্ৰফুল্ল চামান্ত্ৰাই আজি নগাঁৱত আয়োজিত এক সংবাদ মেলত চৰকাৰ আৰু প্ৰশাসনক ক্ষুৰধাৰ সমালোচনা কৰি কয় :  চৰকাৰ, আইন আৰু সংবিধান সকলো থকাৰ পিছতো এনে ঘটনা সংঘটিত হোৱাটো দুৰ্ভাগ্যজনক। এই ঘটনাটো যি স্থানত সংঘটিত হৈছে, সেই স্থান তথা সমষ্টিটোৰ জনপ্ৰতিনিধিজন পূৰ্বে দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত স্থানত কৃষকৰ ওপৰত প্ৰশাসনৰ অত্যাচাৰ ধিক্কাৰজনক। জনপ্ৰতিনিধি প্ৰফুল্ল কুমাৰ মহন্তৰ নীৰৱতাকো আমি সমালোচনা কৰিছো।চৰকাৰে বহুজাতিক কোম্পানীক অসমৰ শস্য ভুমি তথা গ্ৰাম্যঞ্চল ধ্বংস কৰাৰ বাবে মুকলি অনুজ্ঞাপত্ৰ দিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদ মেলখনত আন এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিৱেশ কৰ্মী লিঅ চালডানহাই কয় :  ঘটনাটোৰ তথ্য বিচাৰি আমি যেতিয়া অসম শক্তি বিতৰণ বিভাগ, ৰাজহ বিভাগ তথা অসম চৰকাৰৰ অন্য প্ৰশাসনিক বিষয়াৰ কাষ চাপিছিলো, তেতিয়া তেওঁলোকে আমাক কোনো তথ্য দিব পৰা নাছিল। এনে লাগিছে যে গোটেই চৰকাৰী যন্ত্ৰটো নীৰৱে আছে। তেওঁ লগতে কয় যেএই ভূমিত কেইবা দশকজুৰি কৃষক সকল আছে। তদুপৰি ই হাতী অহাযোৱা কৰাৰো বাট। ইপিনে, অসমৰ জলবায়ু পৰিৱৰ্তনশীল বুলি মন্তব্য কৰি তেওঁ কয় যে  সুৰ্য্যৰ প্ৰত্যক্ষ ৰশ্মি পৰা মৰুভূমি এলেকাত এই সৌৰ প্ৰকল্পটো স্থাপন নকৰি অসমৰ কৃষকৰ শস্য ভুমি ধ্বংস কৰি কিয় ইয়াত সৌৰ প্ৰকল্প স্থাপন কৰিব বিচাৰিছে সেয়া ৰহস্যজনক। বিশিষ্ট পৰিৱেশ কৰ্মীজনে আৰু কয় : অসম চৰকাৰৰ ভূমি আইন আৰু বাস্তৱৰ কাৰ্যকলাপৰ মাজত বৃহৎ পাৰ্থক্য আছে। ভুমি আইনত উল্লেখ আছে যে খিলঞ্জীয়া মানুহ তেতিয়াহে সুৰক্ষিত হ’ব, যেতিয়া ভূমিৰ অধিকাৰ সুৰক্ষিত হয়। কিন্তু বাস্তৱত চৰকাৰে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। অসমৰ কৃষক সকল বানপানী, দৰিদ্ৰতা আদি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থাকে। তেনে ক্ষেত্ৰত ভূতৰ ওপৰত দানহ পৰাদি আকৌ কৃষক সকলৰ অধিকাৰ কাঢ়ি নিব বিচাৰিছে। সংবাদ মেলত উপস্থিত থকা আন এগৰাকী পৰিৱেশ কৰ্মী ভাৰ্গৱী এছ ৰাওৱে কয়, উদ্যোগ প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ নামত এনেদৰে কৃষি ভুমি ধ্বংস কৰা কাৰ্য‌ই মহিলা-শিশু সকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব। অসমত এনিমিয়া ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অধিক। গতিকে শ শ বিঘা কৃষি ভুমি ধ্বংস কৰা কাৰ্য‌ই খাদ্যৰ নাটনি ঘটাব আৰু মহিলা-শিশু সকলক পুষ্টিহীনতাত ভোগাব। আৰক্ষী প্ৰশাসনে কৃষকক উচ্ছেদ কৰাৰ নামত মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা কাৰ্যক এছ ৰাওৱে গৰিহণা দি লগতে কয় যে আমেৰিকা আৰু কানাডাৰ যিকেইটা বিত্তীয় প্ৰতিষ্ঠানে আজুৰ কোম্পানীক ধনৰ যোগান ধৰিছে তেওঁঁলোকে কৃষকৰ অধিকাৰ আৰু মানৱ অধিকাৰ খৰ্ব কৰা কাৰ্যত উৎসাহিত কৰিছে আটাইকেইগৰাকী পৰিৱেশ কৰ্মীয়ে বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ  আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।সংবাদ মেলত উপস্থিত থকা দিল্লীৰ আন এগৰাকী সামাজিক কৰ্মী অমিত কুমাৰেও অসম চৰকাৰৰ ভূমি নীতিৰ বাখ্যা দাঙি ধৰি চৰকাৰে বাস্তৱত কৰা কাৰ্যক সমালোচনা কৰে।সংবাদ মেলত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বৰা,সম্পাদক প্ৰাগজ্যোতিষ বনিয়া,চি পি আইৰ নগাঁও জিলা সমিতি সম্পাদক ৰাতুল বৰাৰ লগতে ছাত্ৰ নেতা প্ৰৱাল শৰ্মা,কাশ্যপ ফুকন আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.