Mising Sports Carnival:গোগামুখত মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলত অসম কন্যা লাভলীনা বৰগোহাঁই

গোগামুখ, ২৮ নৱেম্বৰঃ বৰ্ণিল তথা মায়াময় পৰিৱেশত আজিৰে পৰা ধেমাজি জিলাৰ গোগামুখত(Gogamukh) চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ(Mising Sports Carnival) দ্বিতীয় সংস্কৰণ৷

টিএমপিকেৰ(TMPK) ধেমাজি জিলা সমিতিৰ আতিথ্যত আৰু টিএমপিকেৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা মিচিং স্পৰ্টছ্‌ কাৰ্নিভেল এমাহজোৰা প্ৰস্তুতিৰ অন্তত আজিৰ পৰা আৰম্ভ হৈছে আৰু  সমগ্ৰ গোগামুখত আজিৰ পৰা ক্ৰীড়াময় পৰিৱেশে বিৰাজ কৰিছে৷

মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলত টিএমপিকেৰ ১৬খন জিলা সমিতিৰ ৩০০০গৰাকী খেলুৱৈৰ গিজ্‌গিজনি আৰু স্থানীয় ৰাইজৰ উচাহত  উখল-মাখল হৈ পৰিছে সমগ্ৰ গোগামুখ৷ আজি পুৱাৰ ভাগতে গোগামুখ মইনাপৰাৰ জংকি-পানৈ হাইস্কুলত নিৰ্মাণ কৰা গেম ভিলেজত খেলুৱৈ প্ৰতিনিধিসকলৰ পঞ্জীয়ন কৰাৰ অন্তত প্ৰতিখন জিলা সমিতিয়ে নিজৰ নিজৰ জিলাৰ খেলুৱৈসকলক জাৰ্চি বিতৰণ কৰে৷

মইনাপৰাত নিৰ্মাণ কৰা স্পৰ্টছ্‌ কাৰ্নিভেলৰ শুভকংৰ উদ্ধোধন কৰে ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ ঝাবিৰে৷(Olympic) বিয়লি ৩ বজাত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত মূল সভাগৃহৰ দ্বাৰ উদ্ধোধন কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰয়ে৷

সন্ধিয়া ৪ বজাত গোগামুখ মইনাপৰাস্থি গেম ভিলেজৰ পৰা খেলুৱৈসকলক গুমৰাগ নৃত্যৰে সমদল কৰি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলথাৰলৈ  আদৰি অনা হয়৷ প্ৰায় ৪ কিলোমিটাৰ দীঘল সমদলটো শৃংখলাবদ্ধভাৱে পৰিচালন কৰে টিএমপিকেৰ ভলন্টিয়াৰসকলে৷

বিয়লি ৫ বজাত স্পৰ্টছ্‌ কাৰ্নিভেলৰ মূল মঞ্চ মুকলি আৰু আদৰণি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই৷ সন্ধিয়া ৬ বজাৰ পৰা মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়৷ য’ত মুখ্য অতিথি হিচাপে  উপস্থিত থাকে অলিম্পিক মেডেলিষ্ট তথা অসম কন্যা লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain)৷

ইয়াৰ আগতে লাভলীনাক মূল প্ৰৱেশদ্বাৰৰ পৰা দুই শতাধিক ঢুলীয়া-নাচনিয়ে গুমৰাগ নৃত্যৰে আদৰি আনে আৰু লাভলীনাক ওচৰৰ পৰা চাবলৈ খেলুৱৈ আৰু স্থানীয় ৰাইজৰ মাজত প্ৰবল ঠেলা-হেঁচাৰ সৃষ্টি হয়৷ লাভলীনাৰ আগমনে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত খেলুৱৈ আৰু স্থানীয় ৰাইজৰ মাজত নতুন প্ৰাণ সঞ্চাৰ কৰে৷

লাভলীনাও কোনো কৃপনালী নকৰাকৈ স্বভাৱগত সহজ-সৰল ভংগীৰে সকলোকে হাত জোকাৰি সঁহাৰি জনায়৷ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথিৰ ভাষন দি লাভলীনাই মিচিং জাতীয় সংগঠন টিএমপিকেই স্পৰ্টছ্‌ কাৰ্নিভেল অনুষ্ঠিত কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰখন নতুন ৰূপত গতিশীলতা প্ৰদান কৰা বুলি দোহাৰে৷

তেওঁ কয়- অসমৰ গ্ৰামাঞ্চলত ক্ৰীড়া প্ৰতিভাৰ অভাৱ নাই যদিও ইয়াক ওলাই আনিব পৰা নাই৷ টিএমপিকেই যিটো প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাই নিশ্চিতকৈ গ্ৰামাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসকলক পৰৱৰ্তী সময়ত নিজৰ প্ৰতিভা বিকিশত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ ইয়াৰ পূৰ্বে টিএমপিকেৰ তৰফৰ পৰা লাভলীনাক বিভিন্ন মিচিং থলুৱা সামগ্ৰীৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷

মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ উদ্ধোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু, টিএমপিকেৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, সম্পাদক ছান কুমাৰ পাংগিং, এমএচিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আদিকে ধৰি মিচিং জাতীয় সংগঠনসমূহৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দ৷

উল্লেখনীয় যে, মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ বাবে গোগামুখ মহাবিদ্যালয় খেলপথাৰ, মহৰিকেম্প আৰ জি আৰ খেলপথাৰ আৰু গোগামুখ ছোৱালী হাইস্কুলৰ খেলপথাৰসমূহ বিভিন্ন ইভেন্টৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ ১ ডিচেম্বৰলৈ মিচিং স্পৰ্টছ্‌ কাৰ্নিভেল অনুষ্ঠিত হ’ব৷

Related Articles