ISRAEL: যুদ্ধবিৰতি চুক্তিৰ পিছদিনাই লেবাননক আক্ৰমণ ইজৰাইলৰ

যুদ্ধবিৰতি চুক্তিৰ এদিন পিছতেই ইজৰাইলে লেবাননত আক্ৰমণ চলায়। বৃহস্পতিবাৰে দক্ষিণ লেবাননৰ ছয়টা অঞ্চলত সংঘটিত হয় এই আক্ৰমণ। অৱশ্যে ইজৰাইলে দাবী কৰিছে যে তেওঁলোকে দক্ষিণ লেবাননৰ বিভিন্ন অঞ্চলত “সন্দেহজনক” লোকৰ উপস্থিতি দেখিছে। যাৰ বোবে লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰে।

বুধবাৰৰ পৰা ইজৰাইল আৰু হিজবুল্লাহৰ মাজত যুদ্ধবিৰতি চুক্তি বলবৎ হৈছে। আমেৰিকা আৰু ফ্ৰান্সৰ মাজত হোৱা চুক্তি অনুসৰি ইজৰাইল বাহিনীয়ে দক্ষিণ লেবাননৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিবলৈ ৬০ দিনৰ সময় পাব। এই সময়ছোৱাত কোনো পক্ষই ইজনে সিজনক আক্ৰমণ কৰিব নোৱাৰে।

বিগত ১৪ মাহৰ যুদ্ধত স্থানচ্যুত হোৱা ইজৰাইল-লেবানন সীমান্তৱৰ্তী অঞ্চলৰ বাসিন্দাসকলক নিজৰ ঘৰলৈ উভতি যাবলৈ দিয়া হৈছে। অৱশ্যে ইজৰাইলে নিজৰ বাসিন্দাসকলক সীমান্ত অঞ্চললৈ ঘূৰি নাযাবলৈ নিৰ্দেশ দিছে। দক্ষিণ লেবাননৰ বাসিন্দাসকলে নিজৰ ঘৰলৈ উভতি যাব পাৰিব বুলি দেশখনৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীয়ে জনায়।

লেবাননৰ চৰকাৰী সংবাদ মাধ্যম আৰু নিৰাপত্তা সম্পৰ্কীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালি ইজৰাইলী টেংকে দক্ষিণ লেবাননৰ ছটা অঞ্চলত আক্ৰমণ চলায়। এই অঞ্চলসমূহ হ’ল মাৰ্কাবা, ৱাজানী, কাফাৰচৌবা, খিয়াম, টাইবে আৰু মাৰ্জায়ুন। সূত্ৰই জনোৱা মতে, মাৰ্কাবা অঞ্চলত এই আক্ৰমণত দুজন লোক আহত হৈছে।

ইজৰাইল আৰু হিজবুল্লাই এই টেংক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। অৱশ্যে সীমান্ত অঞ্চলৰ সমীপত কালি বহু স্থানচ্যুত লোক দক্ষিণ লেবাননলৈ উভতি যোৱা দেখা য়ায়। এই অঞ্চলসমূহত এতিয়াও ইজৰাইলৰ সৈন্য নিয়োজিত হৈ আছে। ইয়াৰ উপৰিও দক্ষিণ লেবাননৰ বিভিন্ন অঞ্চলৰ ওপৰেৰে ইজৰাইলৰ চোৰাংচোৱা ড্ৰ’ন উৰা দেখা গৈছিল।

যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পৰাই দক্ষিণ লেবাননত মোতায়েন কৰা হৈছে সেনাবাহিনী। আজি বৃহস্পতিবাৰ মাৰ্জায়ুন অঞ্চলতযুদ্ধবিৰতি আৰম্ভ হোৱাৰ পৰাই দক্ষিণ লেবাননত মোতায়েন কৰা হৈছে সেনাবাহিনী।
ইজৰাইলে যোৱা বছৰৰ অক্টোবৰ মাহত পেলেষ্টাইনী গাজাত আক্ৰমণ চলাইছিল। তেতিয়াৰ পৰাই হিজবুল্লাই লেবাননৰ পৰা ইজৰাইলক আক্ৰমণ কৰি গাজাক সমৰ্থন কৰি আহিছে। ইজৰাইলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু যোৱা ছেপ্টেম্বৰৰ পৰা প্ৰত্যাক্ৰমণ তীব্ৰতৰ হৈ পৰাৰ লগতে ইজৰাইলৰ আক্ৰমণত লেবাননত এতিয়ালৈকে ৩৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

Related Articles