Maharashtra: কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মাজনিশা অমিত শ্বাহক সাক্ষাৎ মুখ্যমন্ত্ৰী শিণ্ডে, দেৱেন্দ্ৰ ফাড়নাবিছৰ

সময়ে সময়ে বৈঠক। দিল্লীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত ‘মহাজুটি’ৰ তিনি অংশীদাৰ দলৰ নেতা উপস্থিত। কিন্তু শুকুৰবাৰে পুৱাও মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া স্পষ্ট হোৱা নাই। বৃহস্পতিবাৰে মাজনিশালৈকে শ্বাহৰ সৈতে দেৱেন্দ্ৰ ফাড়নাবিছ, একনাথ শিণ্ডে, অজিত পাৱাৰে বৈঠকত মিলিত হয়। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু এন চি পি (অজিত)ৰ নেতা প্ৰফুল্ল পেটেলেও অংশগ্ৰহণ কৰে এই বৈঠকত।(Maharashtra)

বৈঠকৰ অন্তত শিৱসেনাৰ মুৰব্বী শিণ্ডে কয় যে এখন ভাল আৰু ইতিবাচক বৈঠক আছিল। (Amit Shah)আমি অমিত শ্বাহ আৰু জে পি নাড্ডাৰ সৈতে আলোচনা কৰিলোঁ। মুখ্যমন্ত্রী কোন হ’ব সেই সন্দর্ভত মুম্বাইত আন এখন বৈঠক অনুষ্ঠিত হ’ব বুলিও কয় শিণ্ডেয়ে৷ (Devendra Fadnavis)

আনহাতে এক সূত্ৰই দাবী কৰিছে যে শিণ্ডে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ সন্মত হৈছে। তেনে ক্ষেত্ৰত ফাড়নাবিচ মুখ্যমন্ত্ৰী হ’ব নে নহ’ব সেয়া সময়তহে জানিব পৰা যাব। আন এক সূত্ৰই দাবী কৰিছে যে ফাড়ানবিছে মুখ্যমন্ত্ৰী হ’লে গৃহ বিভাগক নিজৰ হাতত ৰাখিব পাৰে। অজিত পাৱাৰে বিত্ত বিভাগৰ দায়িত্ব পাব পাৰে। আনাহতে কি কি বিভাগ শিন্দেলৈ যাব সেই কথা কোনো সূত্ৰত এতিয়ালৈকে উল্লেখ কৰা হোৱা নাই।(Mahayuti)

Related Articles