এই সময়খিনি বৰ হেঁপাহৰ।কৃষকৰ বুকুৰ আশাই গজালি মেলি বাস্তৱ হোৱাৰ সময়।আচলতে আঘোণৰ সময়বোৰ আগুৱাইছে।(Peak of the Autumn) আঘোণ মাহ শেষ হ’বলৈ এতিয়াও দহ-বাৰদিন বাকী।কিন্তু আঘোণৰ সোণোৱালী গুটীধানেৰে ভৰপুৰ পথাৰখনৰ পৰা ধানবোৰ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে।
প্ৰায় কাতিৰ শেষৰপৰাই পথাৰৰ ধান পকিবলৈ ধৰে। আঘোণ মাহ সোমাল কি নোসোমাল মানুহে ধান দাবলৈ আৰম্ভ কৰেই। আৰু আঘোণ(Aaghon) মাহ শেষ হোৱাৰ আগেয়েই পথাৰ কেৱল ৰুক্ষ নৰাৰে ভৰপুৰ হৈ পৰে।(Nostalgic feelings of Aghoon) অথচ শাওনৰ পৰা আঘোণলৈ এই সময়ছোৱা কৃষকৰ ক’ত হেঁপাহ বিজড়িত সময়।
আনন্দভৰা উছাহেৰে অপেক্ষা কৰা প্ৰাণবন্ত সময় এখিনিক মানুহে মনৰ মাজতে ধাৰণ কৰি থাকে। পোক পতংগৰ পৰা ৰক্ষা কৰিবৰ বাবে শাওনতে ৰুই থৈ যোৱা পথাৰখন কাতিৰ কঙালীত চাকি এগচ দি আহে।
কিমান যে প্ৰাণ-প্ৰাচুৰ্যৰ সম্ভাৱনাক লৈ মানুহ আশাবাদী হৈ পৰে। প্ৰাচুৰ্যতাৰে ভৰপুৰ পথাৰখনে কৃষকৰ গা-মন শাত পেলাই যায়। তাহানিতে আঘোণক লৈ লিখা কবিতাই এতিয়াও গা-মনত হিল্লোল জগায়। ‘আঘোণৰ কুঁৱলী’- কেশৱ মহন্ত
“আঘোণৰ পথাৰত দাৱনীৰ কাম আছে
মুঠি মুঠি,কাচি কাচি ডাঙৰি ডাঙৰি
কাম আছে
আঘোণৰ পথাৰত কাম আৰু কাম”
হয়। আঘোণৰ পথাৰত দাৱনীৰে বহু বেছি কাম থাকে। শাওনৰ বোকাৰে লেটি লেটি খেতি কৰি দাৱনীয়ে আঘোণলৈকে অপেক্ষাৰে বাট চায়। আঘোণ মাহ কৃষিজীৱী সমাজ এখনৰ বাবে শাওনৰ পথাৰতে ৰচা এটি ভাললগা সপোন। চহা কৃষকৰ বাবে আঘোণ জানো কেৱল এটি ভাললগা মাহৰে নাম? ওঁহো নহয়।আঘোণ কৃষকৰ হেঁপাহ।
নাঙলৰ শিৰলুৰ কৰ্ষণেৰে ধৰাক জীপাল কৰি বীজ সিঁচি বছৰ জুৰি খাবৰ বাবে কৰা কষ্টৰ ফচলৰ বুনিয়াদ এই শাওন(Shawn)। শাওনৰ বুকুত ভৰ দি তাৰেই ফলশ্ৰুতিত আঘোণ মোক তোল মোক তোল যেন গাভৰু নাচোনৰ লয়লাস ভংগিমাৰে অপেক্ষা কৰি থাকে।দাৱনীবোৰ তৎপৰ হয়। কাঁচিবোৰ শানত দি চিকচিকীয়া কৰি লয়।
তাঁতৰ যুটিটো এই আঘোণৰ দিনবোৰত সযতনে এফলীয়া কৰি থয়। কৃষি সামৰিয়ে তাঁতত ধৰিব লাগিব। বাৰীৰ নেমু জলকীয়াবোৰেও যেন বহু কথা বুজি পায়। ৰ’দঘাই পথাৰত সিহঁত দাৱনীৰ সংগী হ’বলৈহে যেন অপেক্ষা কৰি থাকে। হালোৱাইও বিৰিয়া সাজু কৰি তোলে মুঠি ধানৰ ডাঙৰী বান্ধি ঘৰ, চোতাল, ভঁড়াল ভৰাবলৈ। কিমান যে আয়োজন।
কিমান যে আয়োজন এই আঘোণ মাহৰ পথাৰ ওন্দোলি থকা গুটী ধান চপাই ভঁড়াল চহকী কৰিবলৈ! জাতি ধৰ্ম নিৰ্বিশেষৰ এই কৃষিপ্ৰণালী এক প্ৰাণপ্ৰবাহ। আঘোণৰ এই সমৃদ্ধিশালী প্ৰাচুৰ্যতাক বাৰু কোনে বেয়া পায়?
গ্ৰামাঞ্চলৰ জীৱন-জীৱিকাৰ মান নিৰূপনৰ লগতে আৰ্থিক তথা সামাজিক দিশৰ মাপ-কাঠীস্বৰূপ আঘোণ মাহৰ কথা কৈ আচলতে শেষ কৰিব নোৱাৰি।
চহা জীৱনৰ বাবে আঘোণেই আশা-ভৰসাৰ স্থলী। দাৱনীৰ বাবেও যেন আঘোণ এক ৰঙীণতাৰে পৰিপূৰ্ণ, প্ৰাণবন্ত সময়। ক’ত দিনৰপৰা আলোচনা-বিলোচনা কাৰ পথাৰত কোনে ধান দাই সহায় কৰিব, কোনে ৰবাব টেঙা আনিব, কোনে মৌচুমী টেঙা আনিব, কোনে জলফাই আনিব ইত্যাদি ইত্যাদি।
গ্ৰামাঞ্চলত নিজেও এনে ৰসাল সময় এছোৱা অতিবাহিত কৰি আহিছোঁ বাবে আঘোণ মোৰ বাবে এক মিঠা সোঁৱৰণ। শৈশৱ, কৈশোৰৰৰ চপলতাৰপৰা যৌৱনৰ আঘোণৰ স্মৃতি বেলেগ বেলেগ হ’লেও যেন আঘোণৰ ৰাগিত পুনৰ হেৰাই যাবৰ মন যায়। আঘোণৰ সেই জাকৰুৱা মাহী, পেহী, মাহঁতৰ সেই খিল খিল হঁহিবোৰৰ সৈতে পুনৰ সংপৃক্ত হোচাৰ বাসনা জাগে।
কিন্তু সময়ৰ আলি কেঁকুৰীত মই, আমিবোৰ। ক’ত সেই আঘোণৰ পথাৰ? ক’ত আজি মই? আঘোণৰ পথাৰ এখন চকুৰ আগত দেখিলেই মনহাঁহ উৰি যায় সেই শৈশৱ, কৈশোৰৰ, যৌৱনৰো এৰি অহা আঘোণৰ দিনবোৰলৈ। পোৱা হ’লে পুনৰ বাৰ ঘূৰাই সেই দিন। পোৱা হ’লে পুবৰবাৰ আঘোণৰ সেই কুঁৱলীসনা দিন…
‘আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি,
একোকে নমনি।
কুঁৱলী নথকা হ’লে দেখিলোঁহেঁতেন
পতা সোণ বৰণীয়া ধানৰ আঁচল’
আঘোণ মানেই যেন ঘন কুঁৱলীৰ আচ্ছাদন। কিন্তু সময়বোৰ কিবা অলপ হলেও যেন সলনি হৈছে। ভৌগোলিক বাতাবৰণ, জলবায়ুৰ পৰিবৰ্তন হৈছে। তাহানিতে ভৰপক আঘোণত ঘনঘোৰ কুঁৱলীৰ আচ্ছাদনে পথাৰ পোতখাই আছিল। এতিয়া দেখোণ আঘোণ মাহ শেষ নহওঁতেই পথাৰৰ ধান দাই-কাটি শেষ হ’ল।
কুঁৱলীৰ আচ্ছাদন পৰাৰ সময় আহিয়ে যেন নাপালেহি। সময়বোৰ অলপ হ’লেও সলনি হৈছে এই কথাষাৰ মই অনুভৱ কৰিছোঁ। তাহানিতে আমাৰ বছেৰেকীয়া পৰীক্ষাবোৰ হৈছিল। ‘মাহঁতৰ আঘোণ’ৰ আকৌ ভৰপক হৈছিল। দাৱনী -হালোৱাৰ ব্যস্ততাৰ লগতে আমিবোৰেও পৰীক্ষাৰ প্ৰস্তুতি চলাইছিলোঁ। কিযে ভাললগা দিন আছিল।
পৰীক্ষা দি আহিয়েই পথাৰলৈ দৌৰিছিলোঁ। নৰা পেঁপা বজোৱাৰ পৰা চেঁচু খান্দি খোৱাৰ পৰা লেছেৰি কেইডাল বুটলালৈকে লগ লগৰীয়াৰ লগত প্ৰতিযোগিতাত নামিছিলোঁ। কেৱল সেয়াই নহয়। ৰবাব টেঙাকন পথাৰত খাইহে আনন্দ পাইছিলোঁ।
ঘৰত ভাত খোৱাৰ জুতিতকৈ পথাৰত খোৱাৰ জুতিটো আছিল এক অনন্য অনুভূতি।যাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। কৃষকৰ কপালৰ ঘাম পেলাই কৰা সেউজ শস্যবোৰ আঘোণৰ পথাৰত যেন সোণোৱালী ৰ’দ হৈ নামে।
আঘোণৰ সোণগুটীৰে শুৱনি সোণালী ধানবোৰ যেন কৃষকৰ বুকুৰ মুকুতাহে।শৰতৰ সেউজীয়া শোভা আঁতৰাই আঘোণে কৃষকৰ বুকুত সোণালী দলিচা পাতে। সোণালী ধানৰ মিঠা গোন্ধে কৃষকৰ বুকুত হেঁপাহ আৰু আনন্দৰ তোলপাৰ লগায়। এই লৈ অতখন কষ্ট সেই শাওনৰে পৰা!কৃষকৰ সপোনবোৰ শাওনৰপৰাই আঘোণলৈ যেন সপোন হৈ নামে।
সপোনবোৰ কৃষকৰ চকুত নাচি থাকে।সেই সপোনৰ অংকুৰিত বীজ বিগত বৰ্ষৰ জেঠৰ পৰাই আৰম্ভ হয়। কৰ্মঠ কৃষকৰ বুকুৰ ঘাম বিজড়িত কঠোৰ শ্ৰমৰ শেষ হাঁহি মাৰে আঘোণত।ধান গুটী বোৰ চপাই ভঁড়ালত থোৱালৈকে কোনেও কালৈও চাবলৈ অৱসৰ নাই।
সন্ধিয়া নামি অহাৰ লগে লগে পথাৰ সামৰি ঘৰমুখী হোৱা মানুহে ৰাতিয়েই লেম্প-চাকি জ্বলাই চোতালত মৰণা মাৰি ডুলি, বস্তাত ধানবোৰ সযতনে ভৰাই থয়। বছৰজুৰি খাব লাগিব।সেয়াই হেঁপাহ, সেয়াই আনন্দ। সেয়াই আঘোণ।
আৰু কি লাগে কৃষিজীৱী মানুহক?ওচৰ চুবুৰীয়া পথাৰত সহয় কৰি দিয়া জ্ঞাতি কটুম্বক মাতি এসাজ আকৌ নতুন চাউলৰে ন-ভাতো খায়।বাৰীৰ সতেজ লাই কোমোৰা হাঁহে মাহে, পুখুৰীৰ জীয়া কাৱৈ-পুঠিৰে এই সাজ ভাত লগে ভাগে খোৱাৰ আনন্দই বেলেগ।
এয়াই আঘোণ।আঘোণ মাহৰ কথা কৈ শেষ কৰিব নোৱাৰি।গাঁৱৰ প্ৰতিঘৰ মানুহৰ চোতাল- ঘৰ-ভৰি থাকে কেৱল গুটী ধানৰ সোণালী শোভাৰে।নৰানিত গৰু এৰাল দি, দুপৰীয়া পানী খুৱাবলৈ যোৱা দৃশ্যবোৰ সুলভ এই সময়ত।
আঘোণৰ এই স্মৃতিৰ প্ৰশান্তিৰে গ্ৰামাঞ্চলৰ চহা কৃষক তৃপ্ত হৈ পৰে। কোনে পাহৰিব? কোনেও নাপাহৰে আঘোণৰ সেই সুখানুভূতি।অৱশ্যে সময় সলনি হৈছে।গাঁৱৰ নাৰীবোৰ, পুৰুষবোৰ বৃত্তিজীৱী হৈ পৰিছে।
ধান দাবলৈ পথাৰলৈ যাবলৈ মানুহৰ সময় নোহোৱা হৈছে।অত্যাধুনিক ধান দোৱা আহিলাই মানুহে ধান দোৱা বা কষ্ট কৰা কাম লাঘৱ কৰিছে।চাবলৈ গ’লে কোনোবাফালে ভাল হৈছে যদিও কোনোবাফালে কিছুমান স্বত:স্ফূত আত্মিক আনন্দ বিজড়িত মাদকতাৰপৰা মানুহ বঞ্চিত হৈছে।
উপায়ো নাই। ই সময়ৰ আহ্বান। যাক আমি গ্ৰহণ কৰিবই লাগিব। তথাপিও নষ্টালজিক অনুভূতিৰে আঘোণক চুই চাওঁ। সৰগীয় অনুভূতিৰে ৰঞ্জিত হওঁ।সোণোৱালী পথাৰ এডৰা দেখিলেই নিজক বিচাৰি পাওঁ।
শাওন, কাতি, আঘোণ এইবোৰ বুকুৰ বৰপীৰাত বহাই লোৱা একো একোটা মাহ। গোন্ধাই থাকে মনৰ ভিতৰখন। আঘোণে সৌৰভ বিলায়। প্ৰাণ প্ৰাচুৰ্যতাৰ সৌৰভ।আৰ্থিক স্বচ্ছলতাৰ সৌৰভ।সম্প্ৰীতিৰো সৌৰভ। সকলো।
প্ৰিয়ম ৰাগিণী(Priyam Ragini)