Winter wedding Outfit: ঠাণ্ডা দিনত বিয়া-পাৰ্টি অনুষ্ঠানত এনেদৰে সাজ-পোছাক পৰিধান কৰক, ডিজাইনাৰ কাপোৰৰ সৌন্দৰ্য্যও ম্লান পৰিব

ঠাণ্ডা দিনত মহিলাসকলৰ আন এটা প্ৰধান সমস্যা হৈছে যে তেওঁলোকে বিয়া বা অন্যান্য পাৰ্টি অনুষ্ঠানত কেনেধৰণৰ পোছাক পিন্ধিব সেই কথা ভাবি থাকোঁতে বহুত সময় পাৰ হৈ যায়। সেইবাবে এই লেখাটো লৈ আহিছোঁ মহিলা সকলৰ বাবে। শীতকালত ফেশ্বন বজাই ৰখাটো অতি কঠিন। বিয়াত চুটি পোছাকও পিন্ধিব নোৱাৰে। কেনে পোছাক পিন্ধিব সেই সমস্যা কেৱল কইনাৰ লগতে নহয় বিয়াত উপস্থিত থকা প্ৰায় প্ৰতিগৰাকী মহিলাৰ ক্ষেত্ৰতো হয়। সেয়েহে আজি আমি আপোনালোকক এনে কিছুমান সহজ টিপছ দিম, যাৰ সহায়ত আপুনি ঠাণ্ডাতো আপোনাৰ সৌন্দৰ্য্যৰ বজাই ৰাখিব পাৰিব।(Winter wedding Outfit)


যদি আপুনি বিয়াত লেহেংগা বা শাৰী পিন্ধিম ভাবিছে, তেন্তে তাৰ সৈতে সম্পূৰ্ণ হাতৰ আঁচলৰ মুগাৰ ব্লাউজ এটা সাজু কৰক। এনে কৰিলে আপুনি কেৱল ধুনীয়া দেখাই নহয় ঠাণ্ডাৰ পৰাও সুৰক্ষিত হ’ব। কাৰণ মুগা ডাঠ আৰু গৰম কাপোৰ।

জেকেটটোৱে আপোনাৰ ড্ৰেছটো সম্পূৰ্ণৰূপে ঢাকি ৰাখে। কিন্তু চাদৰ এখন ল’লে ড্ৰেপিং কৰিও ব্যৱহাৰ কৰিব পাৰি। অথবা হাতত দুপট্টাত মেৰিয়াই ৰাখিব পাৰে। ইয়াৰ বাহিৰেও যদি আপুনি জেকেট কিনে তেন্তে ডিজাইনাৰ জেকেট কিনিব।

ঠাণ্ডা বিয়াত পিন্ধিবলৈ গধুৰ ৱৰ্ক ড্ৰেছ উপযুক্ত। ইয়াৰ ফলত শৰীৰত উষ্ণতাও বজাই ৰাখিব। অৱশ্যে মনত ৰাখিব যে আপুনি পোছাকোৰ পিন্ধি সম্পূৰ্ণ আৰাম অুভৱ কৰিব লাগিব।

ডিপ নেকে যে অতি গ্লেমাৰাছ লুক দিয়ে। কিন্তু হাই নেক ড্ৰেছ পিন্ধিও ধুনীয়া দেখাব পাৰি। বিশেষ কথাটো হ’ল হাই নেক ড্ৰেছৰ সৈতে আপোনাক বেছি গহনা প্ৰয়োজন নহয়।

গতিকে এনেধৰণৰ পোছাক পিন্ধি আপুনি ঠাণ্ডাটো নিজৰ সৌন্দৰ্য বজাই ৰাখিব পাৰে।

Related Articles