মাজনিশা ভাৰতীয়সকলক ছিৰিয়া এৰি যাবলৈ নিৰ্দেশ দিল্লীৰ। শুকুৰবাৰে নিশা ১১:৪২ বজাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰে।
ভাৰতীয় সময় অনুসৰি নিশা ১১:৪১ বজাত ছিৰিয়াত থকা নাগৰিকসকলক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিশেষ বাৰ্তা প্ৰদান কৰে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে শুকুৰবাৰে কয়, যিমান সোনকালে পাৰে ছিৰিয়াৰ পৰা ওলাই আহক!
এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অধিসূচনা অনুসৰি ভাৰতীয় নাগৰিকৰ বাবে জৰুৰীকালীন হেল্পলাইন নম্বৰ আৰু ইমেইল আইডিও প্ৰদান কৰা হৈছে। একে সময়তে বৰ্তমান ছিৰিয়াত থকা ভাৰতীয়সকলক দামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে সকলো সময়তে যোগাযোগ বজাই ৰাখিবলৈ কোৱা হৈছে।
একে সময়তে ভাৰত চৰকাৰেও কৈছে, “যিসকলে পাৰে তেওঁলোকৰ বাবে যিকোনো বাণিজ্যিক বিমান লৈ যিমান পাৰি সোনকালে ছিৰিয়া এৰিব লাগে।” আৰু যিসকলে নোৱাৰে তেওঁলোকৰ বাবে পৰিস্থিতিৰ ওপৰত চকু ৰাখক আৰু যিমান পাৰি নিজকে সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰক। যিমান পাৰি কমকৈ বাহিৰলৈ ওলাব।’
সংশ্লিষ্ট অধিসূচনাত ছিৰিয়াত বাস কৰা বা থকা ভাৰতীয়ৰ বাবে দামাস্কাছত থকা ভাৰতীয় দূতাবাসে শ্বেয়াৰ কৰা হেল্পলাইন নম্বৰটো হ’ল – +963 993385973 – এই নম্বৰটো ‘কল’ কৰাৰ লগতে হোৱাটছএপ কৰিব পাৰিব।