গোগামুখ, ৮ ডিচেম্বৰঃ কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে কিন্নৰ বুলি পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷
উক্ত সমস্ত তথ্য লখিমপুৰ আৰু ধেমাজি জিলাৰ চৰকাৰী প্ৰমাণপত্ৰ থকা কিন্নৰসকলে সংগ্ৰহ কৰি আছিল৷
তথ্য সংগ্ৰহৰ সমান্তৰালভাৱে ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুৰ লগতে দুয়োকে সংগ দিয়া ভুৱা কিন্নৰসকলক তেনে কামৰ বিৰত থাকিবলৈ সকীয়াই দি আহিছিল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে৷ কিন্তু ভুৱা কিন্নৰসকলে স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলকহে মাৰধৰ কৰিব বুলি ওলোটাকৈ ভাবুকি দি আহিছিল আৰু ভুৱা কিন্নৰ সংখ্যা বৃদ্ধি কৰি ভুৱা কিন্নৰসকলে এটা গেং অৱ তৈয়াৰ কৰিছিল৷
যিটোৰভাৱে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে খঙত অগ্নিশৰ্মা হৈ পৰিছিল৷ আজি পুৱা পুনৰ ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুৱে জোনাইৰ পৰা গোগামুখলৈ অহা ৰে’লত উঠি যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ এই কথা জানিব পাৰি স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে গোগামুখ ৰে’ল ষ্টেচনত পুৱাৰ পৰাই খাপ পিটি আছিল ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুক ধৰিবলৈ৷
দীৰ্ঘ সময় প্ৰতীক্ষাৰ অন্তত দুয়োগৰাকী ভুৱা কিন্নৰক স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে হাতে-লোটে ধৰে আৰু প্ৰচণ্ড মাৰপিট কৰে৷ কেৱল মাৰপিটতে সীমাবদ্ধ নাথাকি দুয়োগৰাকী ভুৱা কিন্নৰ অনন্ত আৰু নয়নক ৰে’ল ষ্টেচনতে চুলি খুৰাই অপমান কৰে৷ পিছত দুয়োগৰাকী ভুৱা কিন্নৰকে গোগামুখ আৰক্ষী থানাত চমজাই দিয়ে৷
গোগামুখ আৰক্ষী থানাত স্বীকৃতিপ্ৰাপ্ত কিন্নৰসকলে ভুৱা কিন্নৰ অনন্ত টায়ে আৰু নয়ন পেগুক হাফ পেন্ট আৰু টি চাৰ্ট পিন্ধাই দি পুনৰ নিজৰ পুৰুষ জীৱনলৈ উভতি যাবলৈ আশীৰ্বাদ দিয়ে৷ ঘটনাটোৱে গোগামুখত তুমুল আলোড়নৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱেভাৱে বহুতৰ মাজত হাঁহিৰ খুৰাকো যোগাইছে৷