State: জামুগুৰিহাটৰ পকামুৰা পথাৰত ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ ব্যাপক আয়োজন

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত কাইলৈ তথা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শ্বহীদ দিৱস৷ ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেবাগৰাকীও মন্ত্ৰী,বিধায়ক তথা সাংসদ উপস্থিত থাকিবলগীয়া এই কাৰ্যসূচীৰ বাবে ইতিমধ্যে পকামুৰা পথাৰত ব্যাপক আয়োজন চলিছে ৷ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি নিজে পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ৷ অবিভক্ত শোণিতপুৰ জিলাৰ ১৬০ গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাব লগীয়া ভাৰতীয় জনতাযুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানটিৰ সৰ্বতোপ্ৰকাৰ সাফল্যমণ্ডিত কৰাৰ কামনাৰে যুৱ মৰ্চাৰ কৰ্মকতাসকলক উৎসাহ অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়৷ইয়াৰ সমান্তৰালকৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাইও উদযাপন স্হলী পকামুৰা পথাৰৰ সমগ্ৰ পৰিস্হিতিৰ তদাৰক কৰা পৰিলক্ষিত হয়৷

Related Articles