Sonu Nigam: প্লিজ কনচাৰ্টলৈ নাহিব, ৰাজনীতিবিদৰ প্ৰতি ক্ষোভ প্ৰকাশ সোণু নিগমৰ!

এটা অনুষ্ঠানত গান গাই থকাৰ সময়তে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় শিল্পী সোণু নিগম। দেশৰ ৰাজনীতিবিদৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।(Sonu Nigam)

সোনু নিগম স্পষ্টবাদী। ছ’চিয়েল মিডিয়াতো বিভিন্ন বিষয়ত মতামত দিয়া দেখা য়ায় কণ্ঠশিল্পীগৰাকীক। শীতকালত সংগীতজ্ঞসকলে দেশৰ বিভিন্ন প্ৰান্তত কনচাৰ্ট পৰিৱেশন কৰে। এইবাৰ সোণুৱে এটা কনচাৰ্টৰ প্ৰেক্ষাপটত দেশৰ নেতা-মন্ত্ৰীৰ এটা বিশেষ বাৰ্তা দিলে।(Rajasthan)

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল সোণুৱে। তেওঁ ৰাজনীতিবিদসকলক কোনো ধৰণৰ কনচাৰ্টত অংশগ্ৰহণ নকৰিবলৈ কয়। ভিডিঅ’টোৰ কেপচনত সোণুৱে লিখিছে, “দেশৰ ৰাজনীতিবিদসকললৈ বিনম্ৰ অনুৰোধ, যদি কোনো শিল্পীৰ শ্ব’ৰ মাজত ওলাই যাব লাগে তেন্তে শ্ব’টোত উপস্থিত নাথাকিব।”

শেহতীয়াকৈ ৰাজস্থানৰ এক অনুষ্ঠানত গীত গাইছিল সোণুৱে। তাত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ উপৰি কেইবাজনো মন্ত্ৰী উপস্থিত আছিল। সেই অনুষ্ঠানটোৰ এক তিক্ত অভিজ্ঞতাৰ বিষয়ে ভিডিঅ’ৰ জৰিয়তে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। সেই ভিডিঅ’টোত সোণুৱে কৈছিল- “মঞ্চৰ পৰা আন্ধাৰত সকলোকে দেখা নাপালোঁ।” কিন্তু কাৰ্যসূচীৰ মাজতে নেতা-মন্ত্ৰীসকল গুচি যোৱা দেখিলোঁ! দেশৰ ৰাজনীতিবিদসকলক এটা প্ৰশ্নহে সুধিব বিচাৰিছোঁ, যদি আপুনি শিল্পীসকলক সন্মান নকৰে, তেন্তে বাকীসকলে কি কৰিব?

সোণুৰ ভাষাত “এজন শিল্পীৰ অুষ্ঠানৰ মাজত ওলাই অহাৰ অৰ্থ হ’ল শিল্পীৰ লগতে সৰস্বতীকো অসন্মান কৰা।”

Related Articles