যুদ্ধজৰ্জৰ ছিৰিয়াৰ ৰাজধানী ডামাস্কাছ বিদ্ৰোহীয়ে দখল কৰাৰ পাছতে ছিৰিয়াৰ পৰা ৭৫ জন নাগৰিকক উভতাই অনাৰ প্ৰচেষ্টা ভাৰতৰ। লেবানন পাৰ হৈ বাণিজ্যিক বিমানযোগে উভতি আহিব নাগৰিক কেইজন। ৫ জন নাগৰিকৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ ৪৪জন লোক। আনহাতে সম্প্ৰতি নিখোজ ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।(Syria Crisis)
ছিৰিয়াত অভ্যুত্থানৰ পিছত শান্তিৰ আশা কৰা ছিৰিয়াৰ জনসাধাৰণে শান্তি লাভ কৰা নাই। এফালে বিভিন্ন সমৰ্থিত গোটে নিজৰ মাজতে যুঁজি আছে, আনহাতে ইজৰাইলে বোমা বিস্ফোৰণ আৰম্ভ কৰিছে (Israel Bombing in Syria)। ইফালে ভাৰত চৰকাৰে নিজৰ নাগৰিকক বচাবলৈ আপ্ৰাণ চেষ্টা কৰিছে। ছিৰিয়াত আবদ্ধ হৈ থকা ৭৫ জন ভাৰতীয় নাগৰিকক উলিয়াই আনিছে ভাৰতে। আনহাতে, আইছিছৰ স্থানত বোমা বিস্ফোৰণ কৰাৰ পিছত আমেৰিকাই কয় যে তেওঁলোকে ছিৰিয়াৰ নতুন চৰকাৰক স্বীকৃতি আৰু সমৰ্থন কৰিব (US Support Syria New Govt), কিন্তু ইয়াৰ বাবে জো বাইডেন প্ৰশাসনৰ এটা চৰ্তও ৰখা হৈছে।