ভাৰতীয়ৰ ভিছাৰ আবেদন ভয়ংকৰ হাৰত বাতিল কৰিছে আৰৱে। দেশখনৰ নতুন কঠোৰ ভিছা নীতিৰ ফলত যাত্ৰীসকলে ভিছা লাভ কৰাত ক্ৰমান্বয়ে অসুবিধাৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে প্ৰায় ৯৯ শতাংশ ভাৰতীয় আবেদনকাৰীয়ে ভিছা লাভ কৰিছিল যদিও সেই হাৰ যথেষ্ট হ্ৰাস পাইছে। ভিছা বাতিলৰ হাৰ ছয় শতাংশৰ ওপৰলৈ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ মাত্ৰ দুশতাংশ আছিল। নতুন ভিছা নীতি অনুসৰি পৰ্যটকে হোটেল ৰিজাৰ্ভেচনৰ প্ৰমাণ, বিমান আৰু উভতি অহাৰ টিকট আৰু বেংক বেলেঞ্চকে ধৰি প্ৰয়োজনীয় তথ্য ইমিগ্ৰেচন পৰ্টেলত আপলোড কৰিব লাগিব। তদুপৰি যোৱা তিনিমাহৰ দৰমহা আৰু নূন্যতম ৫০ হাজাৰ টকাৰ বেংক ষ্টেটমেণ্ট আৰু পেন কাৰ্ড জমা দিয়াটোও বাধ্যতামূলক কৰা হৈছে। এই জটিল চৰ্তসমূহ পূৰণ কৰিও বহু আবেদনকাৰীয়ে ভিছা নাপায়। পাচিঅ’ ট্ৰেভেলছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক নিখিল কুমাৰে পিটিআইক জনোৱা মতে, ‘যথাযথ নথি দাখিল কৰিও ভিছা নোপোৱাৰ বাবে আবেদনকাৰীয়ে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হৈছে। টিকট আৰু হোটেল বুকিঙৰ বাবে ধন খৰচ কৰাৰ পিছতো তেওঁলোক হতাশ হয়।’ এই পৰিস্থিতিয়ে কেৱল ভাৰতীয়ৰ বাবেই নহয়, অন্য দেশৰ যাত্ৰীসকলৰ বাবেও সংকটৰ সৃষ্টি কৰিছে। ভিছা বাতিলৰ বাবে বহুতেই আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে।