ভাৰত সামুদ্ৰিক ঐতিহ্য সন্মিলনৰ জৰিয়তে বিশ্বৰ সামুদ্ৰিক উত্তৰাধিকাৰৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰত আগভাগ লয় ভাৰতে

  • উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক ‘গ্ল’বেলকানেক্টৰ’ হিচাপে অংকন কৰে
  • “ইণ্ডিয়া মেৰিটাইম হেৰিটেজ কনক্লেভে ভাৰতক আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ৰূপৰেখা প্ৰস্তুত কৰাত সহায় কৰিব:” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদী
  • “এই সন্মিলনে সামুদ্ৰিক উদ্ভাৱন আৰু সংৰক্ষণ, বহনক্ষম পদ্ধতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বব্যাপী নেতৃত্বক ত্বৰান্বিত কৰিছে:” সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ,জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়ে নতুন দিল্লীৰ দ্বাৰকাৰ যশোভূমিত আয়োজন কৰা বহু প্ৰতীক্ষিত ইণ্ডিয়া মেৰি টাইম হেৰিটেজ কনক্লেভ২০২৪ (ভাৰতসামুদ্ৰিকঐতিহ্যসন্মিলন) আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সম্বোধন কৰা এক বিশেষ অধিৱেশনৰ জৰিয়তে শুভ উদ্বোধন কৰা হয়।সন্মিলনখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।এই সন্মিলনে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাৰতৰ সামুদ্ৰিক খণ্ডক শক্তিশালী কৰা আৰু প্ৰসাৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।মুখ্যমন্ত্ৰী, বিশ্বৰ বিশিষ্ট বক্তা, সামুদ্ৰিক বিশেষজ্ঞ আৰু চিন্তাশীল নেতৃবৰ্গক একত্ৰিত কৰা সন্মিলনখনে ভাৰতৰ সমৃদ্ধ সামুদ্ৰিকখণ্ড তথা ইয়াৰ ভৱিষ্যৎ, সমগ্ৰ বিশ্বত সাংস্কৃতিক আৰু অৰ্থনৈতিক আদান-প্ৰদানৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বহনক্ষম সামুদ্ৰিক উদ্ভাৱনৰ বাবে দৃষ্টিভংগীৰ সন্দৰ্ভত আলোকপাত কৰে।

“ভাৰত আজি বিশ্বৰ এক উদীয়মান সামুদ্ৰিক শক্তি ক্ষেত্ৰ হিচাপে উজলি উঠিছে।ভাৰতে আমাৰ ভৌগোলিক অৱস্থান আৰু উন্নত আন্তঃগাঁথনিক কৌশলগত ভাৱে ব্যৱহাৰ কৰি বিশ্বব্যাপী সামুদ্ৰিক পদক্ষেপৰ নেতৃত্ব দিছে।সামুদ্ৰিক কূটনীতিৰ জৰিয়তে আমি শক্তিশালী আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব বৃদ্ধি কৰিছোঁ আৰু সমগ্ৰ দেশত আঞ্চলিকস্থিৰতা নিশ্চিত কৰিছোঁ।মই যথেষ্ট আত্মবিশ্বাসী আৰু আশাবাদীযে এই দুদিনীয়া সামুদ্ৰিক ঐতিহ্য সন্মিলন ২০২৪ এ বহনক্ষম উদ্ভাৱন আৰু সামুদ্ৰিকখণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিব”, দেশৰউপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি এইদৰে কয়।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই উপলক্ষে বিশেষ বাৰ্তা প্ৰেৰণ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০৪৭চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি অহাৰ লগে লগে একবিংশ শতিকাৰ বাবে সামুদ্ৰিক পৰিকাঠামো অধিক শক্তিশালী কৰাটো আমাৰ প্ৰচেষ্টাৰ অবিচ্ছেদ্য বিষয়।মই নিশ্চিত যে এই কনক্লেভত হোৱা আলোচনাই ভাৰতক কেৱল সমৃদ্ধ সামুদ্ৰিক ঐতিহ্যৰ সন্দৰ্ভত গৌৰৱান্বিত কৰাই নহয়, লগতে এক ভৱিষ্যতৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাতো সহায় কৰিব, যিয়ে ভাৰতক এক গোলকীয়কেন্দ্ৰ আৰু আগশাৰীৰ সামুদ্ৰিকশক্তি হ’বলৈ সক্ষম কৰিব।”

ইণ্ডিয়া মেৰি টাইম হেৰিটেজ কনক্লেভে শ্ৰম আৰু নিযুক্তি, যুৱ পৰিক্ৰমা আৰু শিক্ষা আৰু সংস্কৃতি আৰু পৰ্যটনৰ দৰে গুৰুত্ব পূৰ্ণমন্ত্ৰালয় সমূহৰ সৈতে সহযোগিতা ত্বৰান্বিত কৰিছে আৰু দক্ষতা বিকাশ আৰু নিযুক্তিৰ সুযোগৰ সন্দৰ্ভত গুৰুত্ব দিছে, শ্ৰমমন্ত্ৰালয়ৰ অধীনত বহন ক্ষম জীৱিকা সৃষ্টিৰ লক্ষ্যৰ সৈতে সংগতি ৰাখিও ই কাম কৰিছে। এই অভিনৱ অনুষ্ঠানে যুৱচামক সামুদ্ৰিক কেৰিয়াৰ অন্বেষণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।উক্ত মন্ত্ৰালয়বোৰে ৰাষ্ট্ৰীয় উন্নয়ন, যুৱ সশক্তিকৰণ আৰু বিশ্ব ব্যাপী সম্পৰ্কৰ বাবে এক একত্ৰিত পৰিকাঠামোৰ সৃষ্টি কৰিছে।

সন্মিলনৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামুদ্ৰিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ সন্দৰ্ভত আলোকপাত কৰে।এই প্ৰচেষ্টাৰ তাৎপৰ্য সম্পৰ্কে ভাষণ প্ৰদান কৰি সোণোৱালে কয়, “আমাৰ সমৃদ্ধ সামুদ্ৰিক ঐতিহ্য কেৱল আমাৰ অতীতৰ কাহিনী নহয়, আমাৰ ভৱিষ্যতৰ বাবেও এক আলোক সজ্জা।এই সন্মিলনে সামুদ্ৰিক উদ্ভাৱন আৰু সামুদ্ৰিক খণ্ডত ভাৰতৰ নেতৃত্বক অধিক ফলপ্ৰসূ কৰি তুলিব।সাগৰ কেৱল এক সম্পদ নহয়; ই হৈছে এক উত্তৰাধিকাৰী–এক দলঙৰ দৰে, যিয়ে অতীতক ভৱিষ্যতৰ সৈতে সংযোগ কৰে, সভ্যতাক একত্ৰিত কৰে, উদ্ভাৱন কঢ়িয়াই আনে, আৰু আমাৰ পৰিচয়ক এক সামুদ্ৰিক শক্তি হিচাপে গঢ় দিয়ে।আমাৰ সামুদ্ৰিক ঐতিহ্য সংৰক্ষণ কৰি, আমি কেৱল আমাৰ পূৰ্বপুৰুষসকলক, ইতিহাসক সন্মান জনোৱাই নহয়, লগতে পৰ্যটন, শিক্ষা আৰু যুৱ সবলীকৰণৰ অপৰিসীম সম্ভাৱনাও উন্মুক্ত কৰিছোঁ ।ইয়াক বহনক্ষম বিকাশ, সাংস্কৃতিক বিনিময় আৰু বিশ্বজনীন নেতৃত্বৰ এক নতুন আলোক চিত্ৰলৈ ৰূপান্তৰিত কৰাৰ আমি প্ৰয়াস কৰিছোঁ।”গোলকীয় নীল অৰ্থনীতি ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতেও তেখেতে ফলপ্ৰসূ বাৰ্তালাপ কৰে।

উক্ত অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসকল- ড° মনসুখ মাণ্ডৱিয়া, গজেন্দ্ৰ সিং শ্বেখাৱট, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা, গোৱাৰবন্দৰ মন্ত্ৰীএলেক্সিঅ’ চেকুয়েৰা, অৰুণাচল প্ৰদেশৰ মন্ত্ৰী বিয়ুৰাম ৱাহগে, উত্তৰ প্ৰদেশৰ মন্ত্ৰী দয়াশংকৰ সিং আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লেফটেনেণ্ট জেনেৰেল এডমিৰেল (অৱসৰপ্ৰাপ্ত) ডি কে যোশী উপস্থিত থাকে।

Related Articles