Assam: সংখ্যালঘু লোকৰ উন্নয়নত গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰীৰ

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ সংখ্যালঘু বোৰ্ডৰ আৱন্তিত পূঁজিৰে হোজাই জিলাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা হিতাধিকাৰী সকলৰ মাজত চিলাই মেচিন আৰু ফেশ্বন ডিজাইনাৰ মেচিনসমুহ বিতৰণ কৰে অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিঙে ৷

হোজাই জিলা সদৰ শ্ৰীমন্ত শঙ্কৰদেৱ নগৰস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগনত মেচিনসমূহ হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰে উপাধ্যক্ষগৰাকীয়ে ৷ জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মীসকলৰ সহযোগীতাত উপাধ্যক্ষ ৰাজবীৰ সিঙে মহিলা হিতাধিকাৰী আৰু আত্মসহায়ক গোটসমূহৰ মাজত চিলাই মেচিন আৰু ফেশ্বন ডিজাইনাৰ মেচিন বিতৰণৰ পিছতে উৎফুল্লিত মহিলা সকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Related Articles