আল্লু অৰ্জুন, ৰশ্মিকা মণ্ডন্না আৰু ফাহাধ ফাচিলৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ বক্স অফিচত এসপ্তাহ সম্পূৰ্ণ কৰিলে। প্ৰথম দিনাৰ পৰাই ছবিখনে বক্স অফিচত বহুত টকা উপাৰ্জন কৰি আছে। ছবিখনে মুক্তিৰ পঞ্চম দিনাই বিশ্বজুৰি ৮০০ কোটিতকৈ অধিক উপাৰ্জন কৰিছিল আৰু ষষ্ঠ দিনাই ৯০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল। এই এসপ্তাহত বহু বৃহৎ ছবিৰ অভিলেখ ভংগ কৰিছে এই ছবিখনে। সপ্তম দিনতো ছবিখনে বিপুল উপাৰ্জন কৰিছিল। মুক্তিৰ সাতদিনত ছবিখনে কিমান সংগ্ৰহ কৰিলে জানো আহক।(Pushpa 2)
মাত্ৰ ৭ দিনতে ছবিখনে ‘কে জি এফ ২’, ‘বাহুবলী ২’, ‘জৱান’, ‘পথান’ৰ দৰে বহু ছবিক পিছ পেলালে। ‘পুষ্পা ২’ মুক্তিৰ পঞ্চম দিনাই ৯০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছিল। এই ছবিখনে ৬ দিনত ৩৭৫ কোটি টকা উপাৰ্জন কৰি হিন্দী ভাষাৰ সৰ্ববৃহৎ ছবি হিচাপে পৰিগণিত হৈছে। সুকুমাৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনে মুক্তিৰ পিছৰে পৰা বক্স অফিচৰ বহু অভিলেখ ভংগ কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আল্লু অৰ্জুন আৰু ৰশ্মিকা মণ্ডন্নাৰ এই ছবিখনে মাত্ৰ ৭ দিনতে বিশ্বব্যাপী বক্স অফিচত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে, ছবি জগতত এয়া এক নতুন ডাঙৰ অভিলেখ।(Pushpa 2 Box Office Collection Day 7)
৫ ডিচেম্বৰত বিশ্বজুৰি হিন্দী, তামিল, কানাড়া, বাংলা আৰু মালয়ালম ভাষাত মুক্তি পোৱা ‘পুষ্পা ২’ ছবিখনে মুক্তিৰ সপ্তম দিনাই ৩০ কোটি টকা উপাৰ্জন কৰে, তাৰ পিছত ভাৰতত ছবিখনৰ মুঠ উপাৰ্জন ৬৮৭ কোটি টকা আৰু বিশ্বজুৰি আছিল ১০০০ কোটি টকা। ইয়াৰ পূৰ্বে ২০১৭ চনত ‘বাহুবলী ২’ই ১০ দিনত ১০০০ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰিছিল। কিন্তু ‘পুষ্পা ২’য়ে এই অভিলেখ ভংগ কৰিলে।