দেশত ক্ৰমাৎ বৃদ্ধি পোৱা দুৰ্ঘটনাক লৈ চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। সংসদত সম্বোধন কৰি তেওঁ এই চিন্তা প্ৰকাশ কৰিছে। তেওঁৰ মতে মানুহৰ আচৰণ সলনি নহ’লে এই ভাবমূর্তি সহজে সলনি নহয় ৷ নীতিনে কয়, “বিদেশলৈ গ’লে আলোচনাত দুৰ্ঘটনাৰ আহিলে লাজতে মুখখন লুকুৱাই ৰাখিব লাগে।”বৃহস্পতিবাৰে সংসদৰ শীতকালীন অধিৱেশনত ভাষণ দি তেওঁ কয় যে পৰিবহণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত সমগ্ৰ দেশতে দুৰ্ঘটনাৰ সংখ্যা ৫০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য ৰাখিলোঁ। ক’বলৈ লাজ নাপাও, হ্ৰাস পোৱাটো বহু দূৰৈৰ কথা, ইয়াৰ বিপৰীতে সমগ্ৰ দেশতে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে।”গডকাৰীয়ে কয় যে দেশত বছৰি ১.৭৮ লাখ লোকে প্ৰাণ হেৰুৱাইছে পথ দুৰ্ঘটনাত। ইয়াৰে ৬০ শতাংশ লোকৰ বয়স ১৮ৰ পৰা ৩৪ বছৰৰ ভিতৰত। উত্তৰ প্ৰদেশত এবছৰত পথ দুৰ্ঘটনাত ২৩ হাজাৰ লোকৰ মৃত্যু। ইয়াৰ পিছতে তামিলনাডু। মৃত্যু হৈছে ১৮ হাজাৰ লোকৰ। মহাৰাষ্ট্ৰত ১৫ হাজাৰ আৰু মধ্যপ্ৰদেশত ১৩ হাজাৰ। এবছৰত দিল্লীত ১৪০০ আৰু বাংগালুৰুত ৯১৫ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। ইয়াৰ কাৰণ হিচাপে মন্ত্ৰীগৰাকীয়ে কয় যে পথত ট্ৰাক এৰি যোৱাটো পথ দুৰ্ঘটনাৰ এটা প্ৰধান কাৰণ। বহু ট্ৰাকে লেন অনুসৰণ নকৰে।