তেজপুৰ, ১৩ ডিচেম্বৰঃ ওৰেটো জীৱন শিক্ষা সাধনাত ব্ৰতী আৰু শৈক্ষিক উৎকৰ্ষ সাধনত জড়িত ৰাজ্যখনৰ বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) প্ৰাক্তন উপাচাৰ্য প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ(Scientist Mihir Kanti Chowdhury) পৰলোকপ্ৰাপ্তিৰ বাতৰিয়ে আজি শোকাচ্ছন্ন কৰে তেজপুৰ বিশ্ববিদ্যালয় চৌহদ৷(Vice-Chancellor)
স্মৰ্তব্য যে, বিশিষ্ট বিজ্ঞানী প্ৰফেছৰ চৌধুৰীয়ে ২১ মে’, ২০০৭ত বিশ্ববিদ্যালয়খনত উপাচাৰ্য্য হিচাপে যোগদানেৰে ২০১৭ চনৰ ২০ মে’লৈকে কাৰ্যভাৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ আন্ত:গাঁথনি তৰান্বিত কৰি তোলাৰ লগতে বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰতো অনবদ্য অৱদান আগবঢ়াইছিল৷
আজি পুৱাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই দুঃসংবাদ লাভ কৰাৰ পিছত সমগ্ৰ বিশ্ববিদ্যালয়খনতে শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, ১৯৪৭ চনৰ ৭ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা বিশিষ্ট বিজ্ঞানী তথা অধ্যাপক চৌধুৰী গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত অসাধাৰণ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে গতিশীল শৈক্ষিক প্ৰশাসক হিচাপেও বিশেষ কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।
এসময়ৰ গুৱাহাটীস্থ আই আই টিৰ গৱেষণা আৰু উন্নয়নৰ ডীন ৰূপে ,আই আই টি গুৱাহাটীৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী আৰু শিলচৰ নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ মুৰব্বীৰ দায়িত্ব সফলতাৰে সম্পন্ন কৰিছিল৷ আনকি তেওঁ কেইবাটাও পেছাদাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা আৰু সমিতিৰ সৈতে বিশেষ ভাৱে জড়িত আছিল৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুটাকৈ কাৰ্যকালৰ উপাচাৰ্য হিচাপে ১০ বছৰীয়া পৰিক্ৰমাত তেজপুৰ বিশ্ববিদ্যালয় তেওঁৰ পৰিয়ালৰ দৰে হৈ পৰাই নহয় বিশ্ববিদ্যালয়খনক এক বিখ্যাত শৈক্ষিক অনুষ্ঠান হিচাপে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷
তেওঁৰ গৱেষণাৰ প্ৰতি থকা আকৰ্ষণ, শৈক্ষিক উৎকৰ্ষৰ প্ৰতি থকা দায়বদ্ধতা, আৰু যুৱ মনক মেণ্টৰিঙৰ প্ৰতি তেওঁৰ নিষ্ঠাই শিক্ষাৰ্থী আৰু গৱেষকসকলৰ প্ৰজন্মক সততে অনুপ্ৰাণিত কৰি তুলিছিল। বৰ্তমানলৈকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সৰ্বাধিক সময় উপাচাৰ্য্য হিচাপে থকাৰ সময়তে তেওঁৰ নেতৃত্বত তেজপুৰ বিশ্ববিদ্যালয়ে কেইবাটাও বঁটা আৰু বিভিন্ন ক্ষেত্ৰৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰে আটাইতকৈ উল্লেখযোগ্য দিশ আছিল তেওঁৰ কাৰ্যকালৰ সময়তে বিশ্ববিদ্যালয়খনে ২০১৬ চনত ‘শ্ৰেষ্ঠ বিশ্ববিদ্যালয়’ৰ বাৰ্ষিক দৰ্শনাৰ্থী বঁটা” লাভ ২০১৬ চনত এন আই আৰ এফ ৰেংকিঙত ৫ম স্থান লাভ আৰু টাইমছ হাইয়াৰ এডুকেশ্যন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত বিশ্বৰ শীৰ্ষ ৮০০ বিশ্ববিদ্যালয়ৰ তালিকাত স্থান পাইছিল।
টাইমছ হাইয়াৰ এডুকেশ্যন ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত ১৯৮৬ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত স্থাপিত বিশ্ববিদ্যালয়সমূহক সামৰি লোৱা বিশ্ববিদ্যালয়খনে জেনেৰেচন ৱাই শাখাতো ৩৪ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। আজি বিয়লি বিশ্ববিদ্যালয়খনত অনুষ্ঠিত শোক সভাত উচ্চ শিক্ষানুষ্ঠানটোৰ পৰিয়ালে দক্ষ প্ৰাক্তন উপাচাৰ্য্য গৰাকীক শ্ৰদ্ধাৰে স’তে স্মৰণ কৰে।
একালৰ উপাচাৰ্য গৰাকীৰ বিয়োগত বৰ্তমানৰ উপাচাৰ্য্য প্ৰফেছৰ শম্ভু নাথ সিঙ, প্ৰাক্তন পঞ্জীয়ক তথা বৰ্তমানৰ পৰীক্ষা নিয়ন্ত্ৰক ড° বীৰেন দাসৰ লগতে অধ্যাপক-অধ্যাপিকা আৰু প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
আনহাতে, বিশিষ্ট শিক্ষাবিদ প্ৰফেছৰ মিহিৰ কান্তি চৌধুৰীৰ পৰলোকপ্ৰাপ্তিত তেজপুৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানেও গভীৰ শোক প্ৰকাশ কৰিছে। তেজপুৰ তৰুণ অসম সংঘৰ সভাপতি তথা বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক ড° ভুবনেশ্বৰ চহৰীয়া, অসমীয়া ক্লাবৰ উপসভাপতি তথা বিশ্ববিদ্যালয়খনৰ ক্ৰীড়া বিভাগৰ প্ৰাক্তন সঞ্চালক পংকজ কুমাৰ বৰা, স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী প্ৰমুখ্যে বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
তেখেতে মৃত্যুৰ সময়ত পত্নীৰ লগতে তিনিগৰাকীকৈ কন্যাক এৰি থৈ গৈছে অধ্যাপক-বিজ্ঞানী গৰাকীয়ে৷ ইপিনে, বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ ড° মদন শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি জনায় যে, বিশ্ববিদ্যালয়খনত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ আৰু অসমীয়া বিভাগৰ লগতে বিদেশী ভাষাৰ শিক্ষণৰ প্ৰসাৰত অধ্যাপক চৌধুৰীৰ ভূমিকা উল্লেখনীয় আছিল৷
তেজপুৰ বিশ্ববিদ্যালয়ৰ দুটা কার্যকালৰ বাবে উপাচার্য হিচাপে সফলতাৰে কার্যনির্বাহ কৰা, বিশিষ্ট বিজ্ঞানী, শিক্ষাবিদ প্ৰফেছৰ মিহিৰকান্তি চৌধুৰীৰ আকস্মিক বিয়োগ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ উচ্চ শিক্ষাৰ জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি৷
ৰসায়ণ বিজ্ঞানত উচ্চস্তৰীয় গবেষণা কার্যৰ বাবে সম্মানজনক ভাটনগৰ বঁটাৰে সন্মানিত গৱেষক প্ৰফেছৰ চৌধুৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়খনৰ সর্বাংগীন উন্নতিৰ বাবে আগবঢ়োৱা বৰঙণি সদায় চিৰস্মৰণীয় হৈ ৰ’ব৷