Breaking

অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইৰ আকাশ বতাহ কপাই তুলিলে ৰাইজৰ দলে

0 2,039

আজি হোজাই জিলাৰ অন্তৰ্গত ইছলাম নগৰত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সভাপতি কমল চন্দ্ৰ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীয়ে ফিতা কাটি ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ৷

উদ্বোধনী অনুষ্ঠানত কমল চন্দ্ৰ বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীৰ লগতে নুৰুল হক, বাচিত আলম চৌধুৰী, আৰিফ উদ্দিন, চাদিকুজ জামান আৰু প্ৰিয়ংকা বৰাই বক্তব্য প্ৰদান কৰে ৷

কাৰ্যালয় উদ্বোধনীৰ পিছত ৰাইজৰ দলৰ ৰাজ্যিক আৰু জিলা সমিতিৰ লগতে যমুনামুখ আৰু হোজাই সমষ্টি কমিটিৰ বিষয়ববীয়া সকলে হোজাই-নীলবাগান সংযোগী গড়কাপ্তানি পথত সমদল কৰি কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হয়, হিমন্ত বিশ্ব শৰ্মা গ বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি বিভিন্ন শ্লগানেৰে ইছলাম নগৰত পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত জিলা সভাপতি কমল চন্দ্ৰ বৰুৱা,ৰাজ্যিক সম্পাদিক দিলোৱাৰা বেগম চৌধূৰী আৰু জিলা সম্পাদক আৰিফ উদ্দিনে ক্ষোভ প্ৰকাশ কৰি কয় চৰকাৰে ষড়যন্ত্ৰমূলক বাবে আমাৰ কৃষক নেতা অখিল গগৈক জেলত ভৰাই থৈছে, অতি কম সময়ৰ ভিতৰত অখিল গগৈক মুকলি কৰি নিদিলে সমগ্ৰ অসমত তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলা হব বুলি হুংকাৰ প্ৰদান কৰে ৷ লগতে দিলোৱাৰা চৌধুৰীয়ে ৰাইজৰ দল আৰু কৃষক মুক্তিৰ ন পুৰণি সকলো এক গোট হৈ আগন্তক নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমৰ পৰা বিজেপি চৰকাৰ উৎসাত কৰাৰ আহ্বান জনায় ৷ যমুনামুখত যাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেইজন নি:সন্দেহে জয়ী হ’ব বুলি দাবী কৰে দিলোৱাৰা চৌধুৰীয়ে ৷

Leave A Reply

Your email address will not be published.