Mangaldai Book Fair:মঙলদৈৰ গ্ৰন্থমেলাত অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমীক মূল্যৱান গ্ৰন্থ উপহাৰ দিলে কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে

দৰং, ১৭ ডিচেম্বৰঃ মঙলদৈ গ্ৰন্থমেলাৰ(Mangaldai Book Fair) ১৪ ডিচেম্বৰৰ সামৰণিৰ দিনটোত দেখা পোৱা গ’ল এক ব‌্যতিক্ৰমী আৰু উৎসাহজনক পদক্ষেপ।

জন্ম সূত্ৰে মঙলদৈৰ এগৰাকী সু-সন্তান তথা দৰং জিলা পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী অভিযন্তা আৰু বৰ্তমানে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত ভবেন বৰ্মনে(Executive Engineer Bhaben Burman) গ্ৰন্থ ক্ৰয় আৰু অধ্যয়নৰ আন্দোলনটোলৈ প্ৰেৰণাদায়ক আৰু উদ্গনিমূলক সহাৰি যোগাই মঙলদৈ গ্ৰন্থমেলাৰ সামৰণিৰ দিনা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ অৰ্ধ শতাধিক নেতৃস্থানীয় লোকক তেওঁলোকৰ পচন্দ আৰু প্ৰয়োজন অনুসাৰে গ্ৰন্থমেলাথলীতে বাণী মন্দিৰ প্ৰকাশনৰ ‘হেমকোষ’, মুনীন্দ্ৰ দাসৰ ‘জনজাতীয় উত্তৰণৰ ইতিহাস’ সাহিত্য অকাডেমিৰ বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাৰ উপন্যাস ‘মৰিয়াহোলা’ আদি মূল্যৱান মূল্যৱান গ্ৰন্থ ক্ৰয় কৰি উপহাৰ হিচাপে আগবঢ়াই।

এনেকৈ উপহাৰ লাভ কৰোঁতা সকলৰ ভিতৰত মঙলদৈৰ বিশিষ্ট ৰক্তদাতা সমাজকৰ্মী শেখৰ মজুমদাৰ,সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনীন্দ্ৰ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন মুখপাত্ৰ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ চহিৰ ভূঞা, অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুটৰাজ শৰ্মা, মঙলদৈৰ সংবাদিক অজয় ডেকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা, আপকুৰ দৰং জিলা সমিতিৰ সভাপতি, সাংবাদিক বাবুল মকছেদ আহমেদৰ উপৰি আন বহু কেইগৰাকী সমাজ সচেতন ব্যক্তি।

কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনৰ এনে ব্যতিক্ৰমী পদক্ষেপেৰে দেখুওৱা মহানুভৱতাৰ বাবে সকলোয়ে শলাগ লয়। ইফালে মঙলদৈ গ্ৰন্থমেলাৰ শনিবাৰে সফলতাৰে সমাপ্তি হ’ল যদিও তাৰ সমানতৰালকৈ পোহৰলৈ আহিছে কেতবোৰ ইতিবাচক খবৰ। সাধাৰণতে সততে শুনা যায়,অসমত লিখক আৰু কিতাপৰ সংখ্যা বাঢ়িছে কিন্তু কিতাপ কিনা লোক আৰু পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাইছে।

একেদৰে গ্ৰন্থমেলা সমূহতো গ্ৰন্থ বিক্ৰী সন্তোষজনক নহয় বুলিও আক্ষেপ কৰা পৰিলক্ষিত হয়। কিন্তু বিগত ৮ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা মঙলদৈ গ্ৰন্থমেলাই এই ধাৰণা ভুল বুলি প্ৰতিপন্ন কৰিলে সকলোকি।

মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ সহযোগত চতুৰ্থ বাৰৰ বাবে সাদিনীয়াকৈ মঙলদৈ গান্ধী ময়দানত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু ইয়াৰ সমান্তৰালকৈ আয়োজিত সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান সমূহত যথেষ্টসংখ্যক দৰ্শক আৰু গ্ৰন্থমেমীৰ ভিৰৰ লগতে বিপনিসমূহত যথেষ্ট পৰিমাণে গ্ৰন্থ বিক্ৰী হোৱা ঘটনাই অন্ততঃ মঙলদৈ গ্ৰন্থমেলাই যে এই ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাইছে সেইটো সকলোৱে একেমুখে স্বীকাৰ কৰিছে।

বিশেষকৈ বিভিন্ন বয়সৰ গ্ৰন্থপ্ৰেমী লোকৰ সমাগমৰ উপৰি নতুন প্ৰজন্মৰ যথেষ্ট সংখ্যক যুৱক যুৱতী বিপনিসমূহলৈ আহি নিজৰ নিজৰ পচন্দৰ পুথি ক্ৰয় কৰাটোৱে মঙলদৈ গ্ৰন্থমেলাই এক বিৰল দৃষ্টান্ত গঢ়া বুলি ক’ব পাৰি।

Related Articles