১৯ ডিচেম্বৰ, ২০২৪ঃ Picnic Spot। ধৰণীক সেউজীয়া কৰি ৰাখিলেহে প্ৰকৃতিয়ে আমাক উপভোগ্য সময় উপহাৰ দিব । প্ৰকৃতিৰ সেউজীয়াই পাহাৰৰ কাষলৈ ,নীলা বহল আকাশৰ তলত ,নদীৰ কাষৰ বালীত ,মনোমোহা জুৰিটিৰ কাষলৈ আমাক শীতৰ এই সুন্দৰ সময়তে হাত বাউলি মাতে।সকলো দুখ-ভাগৰ পাহৰি আমি মনে মিলা বন্ধু বৰ্গৰ লগত এসাঁজ খাবলৈ বিচাৰো।সকলোৱেই নিজৰ কামত ব্যস্ত থাকে,কিন্তু ব্যস্ততাৰ মাজতো আমি এটা দিন নিজক লৈ উদযাপন কৰো। জীৱনৰ একঘেয়ামিতাত আমি আমনি পাওঁ সঁচা । হিয়াৰ উষ্মতাৰে নিজক পাহৰি উমলিবলৈ এটি দিনেই যথেষ্ট ।
প্ৰতি বছৰে ডিচেম্বৰ ,জানুৱাৰী মাহত আমি প্ৰকৃতিৰ কাষলৈ যাবলৈ বিচাৰো । প্ৰকৃতিৰ লগত সন্তুষ্টিৰে আমি জীয়াই থাকিবলৈ হ’লে প্ৰকৃতিক সংৰক্ষণ কৰাটো জৰুৰী। অৰণ্যই আমাৰ জীৱনৰ আয়ুসৰেখা।
বনভোজ মানেই হাই- উৰুমিৰ মাজত এটি উপভোগ্য দিন।সকলো মিলি এটি ব্যতিক্ৰমি দিন আদৰি লওঁ হেপাহেৰে।বনভোজ খাই বনভোজ স্হলি পৰিস্কাৰ কৰি থৈ অহাৰ লগতে প্ৰতিটো বনভোজ দ’লে এটি গছপুলি ৰোপন কৰি এক সুন্দৰ পদক্ষেপ লব পাৰি। ধৰণী সেউজীয়া হোৱাৰ লগতে মনবোৰো সেউজীয়া হৈ পৰক। নৱবৰ্ষক আদৰো আহক শুভকামনাৰে সপোনবোৰ দিঠক হোৱাৰ আশাৰে।