সংগীত আকাশৰ পৰা এটি ভোতা তৰা যেন হঠাতে খহি পৰিল। স্তব্ধ হে গ’ল অসমৰ সংগীতৰ এক ফল্গু ধাৰা। যাদুকৰী কণ্ঠৰে গীতৰ সভাত সকলোৰে হৃদয় আলোড়িত কৰা গণশিল্পী সূৰ্য দাস আৰু নাই। নাই বুলি ক’বলৈ যেন সাহসেই নহয়। গীতৰ মাজেৰে আকাশক উদাৰতা সিঁচি দিবলৈ আৰু লুইতক মানুহৰ মনৰ পৰা মলিনতা ধুই নিবলৈ ক’বলৈ আৰু নাহে সূৰ্য দাস। তেওঁৰ শূন্যতাত আজি অসমৰ সংগীতাকাশ কলীয়া ডাৱৰে ছানি ধৰিলে।(Surya Das) ‘শত জনমৰ পুণ্যৰ ফলত জন্ম ল’লো এই অসমত’ বুলি আই অসমীৰ বন্দনা গোৱা শিল্পীগৰাকীয়ে আজি এই পুণ্যভূমি এৰি, এভৱ মায়াৰ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি চিৰদিনলৈ গতি কৰিলে পৰলোকলৈ। আৰু যে কেতিয়াওঁ ঘূৰি নাহে মানুহৰ গীত গাবলৈ মানুহৰ মাজলৈ। তেওঁ সপোন দেখিছিল ৰূপান্তৰৰ। সেয়ে গীতৰ মাজেৰেই সমাজৰ নতুন ৰূপান্তৰ বিচাৰি গাইছিল মানুহৰ গান, মাটিৰ গান। প্ৰতিগৰাকী মানুহৰে অন্তৰত ঠাই পাইছিল এইগৰাকী ৰূপান্তৰৰ শিল্পীয়ে। গীতৰ সভাত তেৱেঁই আছিল প্ৰধান অলংকাৰ। অসমীয়া জাতিক, অসমীয়া মানুহক অন্তৰেৰে ভালপোৱা শিল্পী আছিল সূৰ্য দাস। অসমৰ, অসমীয়া মানুহৰ সুখ-দুখৰ সমভাগী হৈ প্ৰতিটো ক্ষণতে থিয় হৈছিল তেওঁ মানুহৰ ওচৰত। জাতীয়তাবাদী ভাবধাৰাৰে উদ্বুদ্ধ শিল্পী সূৰ্য দাস আছিল অসম আৰু অসমীয়াক অন্তৰেৰে ভালপোৱা নিভাঁজ শিল্পী।
তেওঁ সেয়ে হৈ পৰিছিল জনতাৰ শিল্পী, গণশিল্পী। তেওঁৰ গীতেৰে গীতৰ সভা ৰজনজনাই তুলিছিল। সস্তীয়া জনপ্ৰিয়তা তেওঁৰ গীতত কোনোদিনে নাছিল। নাছিল তেওঁ উচ্ছৃখলতাৰ প্ৰতীক। সেয়ে শ্ৰোতাই তেওঁ গান অন্তৰেৰে লৈছিল, শুনিছিল। তেওঁৰ গানত আছিল প্ৰতিবাদী ঢৌ, প্ৰতিবাদী সত্তা। গীতেই তেওঁ সমাজৰ মলিনতা ধুই নিকা কৰিবলৈ সংকল্প লৈছিল। তেওঁৰ ‘মানুহ দেখিছো আজি/ বহুত মানুহ/ কথাৰ সিন্ধু মথি/অমৃত শুহি খোৱা ভণ্ড…’ এই কালজয়ী গীতটোৰ এটা ফাঁকিও মনত নৰখা মানুহ হয়তো অসমত নোলাব। ইয়াৰ উপৰি তেওঁৰ আন কেইটামান মানুহৰ অন্তৰত থিতাপি লোৱা গীত হ’ল- ‘এই কলঙৰ পাৰে এই দলঙৰ ঘাটে…, ‘গুমগুম গাম গাম…, ‘চাপ্ৰা বহু দূৰ…, এই ঘৰেই ঘৰ নহয়…’ , ‘উৰিয়াম গছৰে…। এনেবোৰ গীতেৰেই তেওঁ মানুহৰ অন্তৰ জয় কৰিছিল, সমাজৰ পৰা দুষ্কৃতিকাৰীক বিনাশী এখন সুন্দৰ আৰু নিভাঁজ মানুহৰ সমাজ গঢ়াৰ পণ লৈছিল। কঁপাই তুলিছিল প্ৰতিখন গীতৰ সভা। কি নাছিল এইগৰাকী শিল্পীৰ গীতত। স্বদেশ প্ৰেম, মানুহক ভালপোৱাৰ সুৰ, নিভাঁজ মাটিৰ সুৰ নিহিত হৈ আছিল তেওঁৰ গীতত। সেয়ে হয়তো তেওঁ অজানিতে হৈ পৰিছিৰ মানুহৰ আপোন শিল্পী, গণশিল্পী। এইগৰাকী শিল্পীৰ জন্ম হৈছিল কামপুৰৰ তেঁতেলিসৰা নামৰ ঠাইখনত ১৯৪০ চনৰ ৩১ জুলাইৰ এটি মাহেন্দ্ৰক্ষণত। সৰুৰে পৰাই তেওঁৰ সংগীতৰ প্ৰতি আছিল অগাধ প্ৰেম।
তেঁতেলিসৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি তেওঁ আহিছিৰ নগাঁৱলৈ। তাতেই তেওঁ শিক্ষা গ্ৰহণৰ সমান্তৰালকৈ সংগীত চৰ্চাতো আত্মনিয়োগ কৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁৰ গীতত স্বদেশ প্ৰেমৰ ভাব পৰিস্ফুট হৈ পৰিছিল। এনেদৰেই সংগীতৰ স্পৃহাই তেওঁক লৈ গৈছিল সেই সময়ৰ নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি বৰেণ্য শিল্পীসকলৰ সান্নিধ্যলৈ। আৰু এইসকল লোকৰ ওচৰতে তেওঁ সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল। এনেদৰেই ১৯৫৭ চনত কোনোবা এটা দিনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত সূৰ্য দাসৰ লগ পোৱাৰ সৌভাগ্য হৈছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক। শিল্পীয়ে শিল্পী মোল খুব ভালদৰেই বুজি পায়। ড° ভূপেন হাজৰিকয়ো বুজি পাইছিল সূৰ্য দাসক। গতিকে ড° ভূপেন হাজৰিকায়ো সূৰ্য দাসৰ গীত শুনি আপ্লুত হৈ পৰিছিল আৰু সেই গীতৰ সভাতে কৈছিল- ‘মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম…’। সুধাকণ্ঠই সেয়া বাস্তৱত সাকাৰ কৰিছিল। ভূপেন হাজৰিকাই এইগৰাকী গণশিল্পীক তেওঁ লগত লৈ ফুৰিছিল। আৰু এদিন সূৰ্য দাসক কলিকতালৈ লৈ গৈ তেওঁ কণ্ঠৰে চাৰিটা গীত বাণীবন্ধন কৰাইছিল। সেই কালজয়ী গীতকেইটা আছিল– ‘এই কলঙৰ পাৰে…, ‘চাপ্ৰা বহু দূৰ…’, ‘গুম গুম গাম গাম… আৰু ‘আই অ’ শিপিনী’। আৰু এয়া আছিল সূৰ্য দাসৰ বাবে সংগীতৰ এক বৃহৎ সাফল্য। তেওঁ আৰু কোনোদিন পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ইয়াৰ মাজতে তেওঁ গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও ল’লে আৰু আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা স্বীকৃতিপ্ৰাপ্ত শিল্পী হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ বন বিভাগত চাকৰি কৰিছিল যদিও বিভিন্ন কাৰণত তেওঁৰ মনে নমনাত সেই চাকৰি বাদ দিছিল। তদুপৰি আন কেইবাটাও বিভাগত চৰকাৰী চাকৰি কৰিছিল যদিও অনীতি, ভ্ৰষ্টাচাৰৰ সৈতে আপোচ কৰিব নোৱাৰাৰ বাবেই সেই চাকৰিও বাদ দি সংগীতকে জীৱনৰ ব্ৰত হিচাপে লৈ মানুহৰ গান, কেঁচা মাটিৰ গান গাই মানুহৰ মাজতে জীৱনটো উছৰ্গা কৰিছিল। তদুপৰি তেওঁ ‘আজিৰ মানুহ’, ‘নতুন দিগন্ত’, ‘ৰঙা সূৰ্য’, ‘পেলেষ্টাইন’, ‘মোৰ গান’, ‘নতুন সময়’, ‘আজিৰ সময়’ আদি শ্ৰব্য কেছটত কণ্ঠদান কৰি মানুহৰ হৃদয় মণিকোঠত এখন সুকীয়া ঘৰ সাজি লৈছিল। যাৰ বাবে মানুহে তেওঁ সদায় মনত ৰাখিব। সূৰ্য দাস আছিল সাংস্কৃতিক জগতখনৰ এক উজ্জ্বল নক্ষত্ৰ। সময়োপযোগীভাৱে গীত লিখি পৰিৱেশন কৰিব পৰাটো শিল্পীগৰাকীৰ এক অনন্য কৃতিত্ব। গণশিল্পীগৰাকীৰ প্ৰতিটো গীতেই জাতীয় চেতনাৰে উদ্বুদ্ধ আৰু অসমীয়া জাতিৰ কেঁচা ঘামৰ সৈতে সংপৃক্ত।
এইগৰাকী আজন্ম শিল্পীয়ে ‘অবুজ বেদনা’ নামৰ এখন চলচ্চিত্ৰতো তেওঁৰ কণ্ঠ নিগৰাইছে। আনহাতে, তেওঁৰ কবি হিচাপেও এক সুকীয়া পৰিচয় আছে। তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম- ‘তেজ অকণমান দিবা নেকি চিঞাহী বুলি’। এইগৰাকী শিল্পীৰ শিৰত হাত আছিল ড° ভূপেন হাজৰিকাৰ। সূৰ্য দাসৰ জীৱনত ড° ভূপেন হাজৰিকাৰ অৱদান আছিল অপৰিসীম। তদুপৰি শোণিত কোঁৱৰ গজেন বৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মঘাই ওজা, অজিত সিংহ আদিৰো অৱদান আছিল উল্লেখনীয়। দুখৰ বিষয় এইগৰাকী আজন্ম শিল্পী যেনে ধৰণে আমাৰ মাজত গুৰুত্ব আৰু সমাদৰ লাভ কৰিব লাগিছিল সেয়া হয়তো তেওঁ নাপালে। সদায়ে তেওঁ প্ৰচাৰবিমুখ হৈয়ে থাকিল। কিছু দিন তেওঁ মৰিগাঁৱৰ ধৰমতুলৰ জীয়ৰীৰ ঘৰত আছিল। তাতেই তেওঁ দেওবাৰে হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও তাতেই তেওঁ এই মায়াৰ সংসাৰ এৰি চিৰদিনৰ বাবে এদিন ধৰালৈ অহা বাটেই উভতি গ’ল কোনোদিন আৰু ঘূৰি নহাৰ কথাৰে ৮৪টা বসন্ত গৰকাৰ অন্তত।
স্তব্ধ হৈ পৰিল অসমৰ আকাশ-বতাহ। শূন্য হ’ল গীতৰ সভা। গীতৰ সভাত গীত গাই শ্ৰোতাত অন্তৰ জুৰাবলৈ আৰু কেতিয়াও নাহে সংগীতৰ ভোটা তৰা, জনতাৰ শিল্পী সূৰ্য দাস। এৰি থৈ গ’ল পত্নী, একমাত্ৰ পুত্ৰ, দুই জীয়ৰী, আত্মীয়ৰ লগতে সমগ্ৰ অসমবাসীক। বিদায়, হে সংগীত সূৰ্য, বিদায়। তোমাৰ কথা, তোমাৰ গীত, তোমাৰ সুৰ সদায়ে মনত ৰাখিব অসম-অসমীয়াই। চন্দ্ৰ-সূৰ্য থকালৈকে তুমিও থাকিবা আমাৰ মাজত এটি গীত হৈ, সুৰ হৈ, অসমীয়া জাতিৰ সত্তা হৈ।