Ajmal Super-40:মৰিয়ম আজমল ৱমেন্স কলেজ অফ চাইন্স এণ্ড টেকন’লজিৰ চিকিৎসক-অভিযন্তাক সম্বধৰ্না

গুৱাহাটী, ২৬ ডিচেম্বৰঃ হোজাইৰ এখন সভাত বৃহস্পতিবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মৌলানা বদৰুদ্দিন আজমল(Ajmal Super-40)৷ কিছুদিন পূৰ্বে অখিল গগৈয়ে ডবকাৰ এখন সভাত আজমলৰ শিক্ষানুষ্ঠানত ধনৰ বিনিময়ত শিক্ষা দিয়া বুলি উল্লেখ কৰিছিল৷

আজমলে চিকিৎসাৰ নামত বেপাৰ কৰা বুলি সভাখনত অখিল গগৈয়ে উল্লেখ কৰিছিল৷ নাম নোলোৱাকৈ আজি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে বদৰুদ্দিন আজমল৷ অখিল গগৈক ‘কুকুৰ’ আৰু ‘জানোৱাৰ’ বুলি ক’লে বদৰুদ্দিন আজমলে৷ অখিল গগৈয়ে জীৱনত কেতিয়াবা স্কুল বনাই পাইছেনে নাই বুলিও প্ৰশ্ন আজমলৰ৷(Dainandin Barta)

অখিল গগৈয়ে কেৱল টকা লোৱা জানে বুলি কটাক্ষ কৰে আজমলে৷ আজি হোজাইৰ মৰিয়ম আজমল ৱমেন্স কলেজ অফ চাইন্স এণ্ড টেকন’লজিৰ(Maryam Ajmal Women’s College of Science and Technology) বাকৰিত আজি এক বৃহৎ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়৷

এই সম্বৰ্ধনা সভাত আজমল ছুপাৰ-৪০ৰ জৰিয়তে নীট আৰু জেইই ২০২৪ বৰ্ষৰ পৰীক্ষাত সফলতা অৰ্জন কৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা ৪৫০ৰো অধিক শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

সম্বৰ্ধনা সভাখনত আজমল চিএছআৰৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী বিধায়ক ছিৰাজুদ্দিন আজমল, কলকাতা টাটা মেডিকেল চেন্টাৰৰ সঞ্চালক ডাক্তৰ পেথ্যায়েল অৰুণ, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত, বিশিষ্ট শিক্ষাবিদ তথা চিকিৎসক আৰু মুম্বাইৰ আঞ্জুমান-ই-ইছলামৰ অধ্যক্ষ ডা° জাহিৰ ঈছাক কাজি, হোজাইৰ অতিৰিক্ত আয়ুক্ত ৰাখিশ্ৰী লেখাৰু সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ-৪০ নামৰ এক অভিলাসী আঁচনি।আজমল ছুপাৰ-৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে।

সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল ছুপাৰ ৪০ৰ শিক্ষাৰ্থীসকলে নীট আৰু জেইই পৰীক্ষাত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নীট-২০২৪ বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ ৪০য়ে পুনৰ অভূতপূৰ্ব সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজলি উঠে৷ ২০২৪ বৰ্ষৰ নীট পৰীক্ষাত ৪৫০ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

নীট-২০২৪ৰ বাছনি পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৭০৫নম্বৰ লাভ কৰি আজমল ছুপাৰ ৪০-ৰ শীৰ্ষস্থান দখল কৰে নাজমুচ চাকিবে। ইয়াৰোপৰি মেহদী হাচানে ৭০০, চাহিনা বেগম লস্কৰ ৬৯৫, আলিমুল ইছলাম হাদি ৬৯৫, চয়ীদ আখতাৰ ৬৯৫ আৰু জব্বাৰ আলীয়ে ৬৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে নাজমুচ চাকিবে ভাৰতবৰ্ষৰ আগশাৰীৰ মেডিকেল কলেজ ঋষিকেশৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত নামভৰ্তিৰ সুযোগ লাভ কৰাৰ লগতে বাকী বহু কেইগৰাকী শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ এইমছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। আনহাতে আজমল ছুপাৰ ৪০ৰ জৰিয়তে সফলতা লাভ কৰি পুচকাৰ সাহা, চামিমা নাচৰিণৰ লগতে অন্যান্য বহু শিক্ষাৰ্থীয়ে গুৱাহাটী জিএমচিএইচত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে৷

আফৰিণ স্বায়ৰিয়াই শ্বিলঙৰ নেইগ্ৰিমছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। একেদৰে আজমল ছুপাৰ ৪০ৰ স্থাপন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈ ১২শৰো অধিক শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ মেডিকেল কলেজত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিতে৷ একেদৰে ১৫০ৰো অধিক শিক্ষাৰ্থীয়ে জেইই পৰীক্ষাত সফলতা লাভ কৰি অভিযান্ত্ৰিক দিশত আগবাঢ়ি যায়।

এনেদৰে সমান্তৰালভাৱে জেইইতো আজমল ছুপাৰ ৪০য়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এইবাৰো বহু শিক্ষাৰ্থীয়ে জেইইত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে। আই আই টি গুৱাহাটীত মাৰুফ ইমতিয়াজ, উত্তাৰাখণ্ডৰ আই আই টি ৰূৰকীত চন্দন জ্যোতি মোহন, মৃদু পৱন কলিতাই ৰাজস্থানৰ যোদপুৰৰ আইআইটিত আৰু কৰণ বড়োৱে ভূৱনেশ্বৰ আইআইটিত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰে৷

উল্লেখ্য যে এইসকল মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশই আৰ্থিকভাবে পিছপৰা। শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ উপৰিও অভিযন্তা হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷

লগতে আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিঙৰ লগতে প্ৰদান কৰিছিল জলপানিও৷ আৰ্থিকভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল আজমল ছুপাৰ ৪০য়ে৷ এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ প্ৰশিক্ষকৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷

আজমল ছুপাৰ ৪০ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিন-ৰাতি পৰিশ্ৰম কৰি শিক্ষাৰ্থীসকলৰ সপোন পূৰণ কৰিবলৈ নিষ্ঠাৰে চেষ্টা কৰিছিল৷ যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল ছুপাৰ-৪০ৰ শিক্ষাৰ্থীসকলে বিশেষ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ২০১৯ বৰ্ষত আজমল চুপাৰ-৪০ৰ পৰা ২২ গৰাকী, ২০২০ বৰ্ষত ৮২ গৰাকী, ২০২১ বৰ্ষত ১৫০ গৰাকী, ২০২২ বৰ্ষত ২৪০, ২০২৩ত ৩৫০গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

আজমল ছুপাৰ-৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপযুক্ত প্ৰশিক্ষণ তথা শিক্ষাৰ্থীসকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ৪৫০ৰো অধিক শিক্ষাৰ্থীয়ে নীট-২০২৪ আৰু জেইই-২০২৪ত চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

আজি মৰিয়ম আজমল ৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনলজিত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত আজমল ফাউণ্ডেচনে আজমল ছুপাৰ-৪০ৰ কৃতি শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক জাপি, ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

আনহাতে, আজমল আইএএছ একাডেমী স্থাপন হোৱাৰ পিছৰে পৰা বৰ্তমান পৰ্যন্ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এশৰো অধিক প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয় আজিৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত।

Related Articles