DDJA:ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সভাপতি ভাস্কৰ সভাপণ্ডিত আৰু সম্পাদক গৌতম পেগু

গুৱাহাটী, ২৬ ডিচেম্বৰঃ ধেমাজি জিলা সাংবাদিক সংস্থাৰ(DDJA) অষ্টম সংখ্যক দ্বি-বার্ষিক সাধাৰণ অধিবেশনখনি কালি চিলাপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।

চিলাপথাৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত দিনজুৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অধিৱেশনত ক্ৰমে পুৱা গছপুলি ৰোপণ, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্রেমানন্দ তালুকদাৰে জিলা সাংবাদিক সংস্থাৰ পতাকা উত্তোলন কৰাৰ লগতে জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেণ্ড, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী দুৱৰা, গোগামুখ প্ৰেছ ক্লাবৰ সভাপতি হেম বৰদেউৰী, চিলাপথাৰ প্ৰেছ ক্লাবৰ সভাপতি নয়নমণি মহন্ত, মাছখোৱা প্ৰেছ ক্লাবৰ সভাপতি অশোক চেত্রীয়ে নিজ নিজ ক্লাবৰ পতাকা উত্তোলন কৰাৰ পাছতেই ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰে ছহিদ তর্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইফালে প্ৰয়াত সাংবাদিক গোবিন গোবিন্দ্ৰ চন্দ্ৰ মেদক, কীৰ্তি কমল গগৈ, তেজেন্দ্ৰ উপাধ্যায়, ভূপেন পেগু, অপূৰ্ব পেগু, টিকেন্দ্ৰজিৎ ফুকন, ৰতন পূজাৰী, বিনোদ সিং, অনিৰ্বাণ বি গোহাঁইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই আৰম্ভ হয় মুকলি সভা।

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সভাত সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই বন্তি প্রজ্বলন কৰাৰ পিছতে ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্রেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ আগবঢ়ায় চিলাপথাৰ প্ৰেছ ক্লাৱ তথা আদৰণী সমিতিৰ সভাপতি নয়নমনি মহন্তয়ে।

ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰে মুকলি সভা উদ্বোধন কৰি ধেমাজি জিলাৰ সাংবাদিকসকলৰ দায়বদ্ধ আৰু নির্ভীক-নিৰপেক্ষ সাংবাদিকতাৰ শলাগ লয়। মুখ্য অতিথিৰ ভাষণত অসম বার্তাজীবী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শর্মাই সাংবাদিকতাৰ পৰিবৰ্তিত ধাৰাত সাংবাদিকৰ দায়বদ্ধতা আৰু ভূমিকা সম্পর্কে উল্লেখ কৰি সাংবাদিকতাৰ পবিত্ৰতা আৰু বিশ্বাসযোগ্যতাৰ প্ৰতি সংকটে দেখা দিয়া বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে সাংবাদিকসকলক ৰাইজে জীয়াই ৰাখিছে।

কিন্তু বিভিন্ন সভা-সমিতিত ৰাজনৈতিক তথা শাসকীয় দলৰ নেতাই ‘সাংবাদিক বন্ধু’ বুলি সম্বোধন কৰিলেও তেওঁলোকে সাংবাদিকসকলক প্রকৃতার্থত ‘বন্ধু’ বুলি গণ্য নকৰে, বৰঞ্চ প্রায়েই সাংবাদিকসকলৰ হিতৰ বিপৰীতে কাম কৰি আহিছে। সাংবাদিকসকলৰ ন্যায় প্ৰাপ্যৰ লগতে বিভিন্ন দাবী পূৰণ কৰিবলৈ চৰকাৰ, কাকত আৰু বৈদ্যুতিন মাধ্যমৰ মালিক পক্ষক তেওঁ আহ্বান জনায়।

সভাত সাহিত্যিক পেন্সনাৰ উমেশ চেতিয়াই ধেমাজি জিলা সাংবাদিক সংস্থাৰ মুখপত্র ‘কৰেছপণ্ডেণ্ট’ উন্মোচন কৰে। ইপিনে বিশিষ্ট কবি-লেখক ভুবন দাসে ৰয়েল পেণ্ডৰ ‘নির্বাচিত সম্পাদকীয়’ শীর্ষক গ্রন্থ উন্মোচন কৰে। আনহাতে দাপোনৰ ভাষাৰ স্ৰষ্টা ড০ উত্তম দাসে উন্মোচন কৰে মুকেশ সিংৰ অডিঅ’ ভিডিঅ’ৰ কবিতা “বন্ধু”।

সভাত জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা,অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সদস্য ভাস্কৰ শৰ্মা, প্রশান্ত মোদক, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়া, ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি ড° ‘উমাকান্ত শর্মা, উমেশ খাণ্ডেলীয়া, দিলীপ হাজৰিকা, দিগন্ত কাকতি, ভাস্কৰ সভাপণ্ডিত, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সর্বেশ্বৰ চুতীয়া, ড° উত্তম দাস, অশ্বিনী দুৱৰা আদি উপস্থিত থাকে।

ইপিনে সভাত বিভিন্ন ক্ষেত্রত সমাজ জীবৱনলৈ অনবদ্য অবদান আগবঢ়োৱা চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়া,চিলাপথাৰৰ চিত্ৰ শিল্পী মুনমী বুঢ়াগোহাঁই, কৃষক দেৱজিৎ চাংমাই, মাধৱ পাও, জিনু চুতীয়া বৰুৱা, জোন বৰগোহাঁই, জগত কছাৰী, হেমকান্ত শইকীয়া, লাবণ্য লাহন চুতীয়া, আদিক ধেমাজি জিলা সাংবাদিক সংস্থা আৰু চিলাপথাৰ প্ৰেছ ক্লাৱৰ পৰা প্রশস্তি পত্র, ফুলাম গামোচা, স্মাৰক ফলকেৰে বিশেষভাবে সম্বর্ধনা জনোৱা হয়।

ইফালে সভাত গীত পৰিবেশন কৰি জীপাল কৰে শিল্পী কৃষ্ণা শইকীয়াই। পাঠ কৰা হয় কবিতাও। ইয়াৰ পাছতেই আৰম্ভ হয় প্ৰতিনিধি সভা। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰঞ্জিত শইকীয়াই উদ্বোধন কৰা প্রতিনিধি আৰু বিষয় বাছনি সভাত পর্যবেক্ষক হিচাপে অসম বার্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা আৰু সদস্য ভাস্কৰ শৰ্মা উপস্থিত থাকে।

ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্রেমানন্দ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত প্রতিনিধি সভাত সম্পাদকীয় প্রতিবেদন পাঠ কৰে সংস্হাৰৰ সম্পাদক জীৱন কোঁৱৰে। সভাত ধেমাজি জিলা সাংবাদিক সংস্থাৰ পুৰণা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।

ভাস্কৰ সভাপণ্ডিতক সভাপতি, হেমচন্দ্ৰ বৰদেউৰী, প্রফুল্ল কামানক উপ-সভাপতি, গৌতম পেণ্ডক সাধাৰণ সম্পাদক, মিন্টু শইকীয়া, মোহন পাংগিঙক সহকাৰী সম্পাদক, পৱন বৰুৱা, বৃষ্টি পাংগিঙক সাংগঠনিক সম্পাদক, কৃষ্ণকান্ত মেদকক পত্রিকা সম্পাদক, কৰৱী দলেক প্রচাৰ সম্পাদক, জিতু কুমাৰ ৰাজকোঁৱৰক কোষাধ্যক্ষ হিচাপে লৈ ২১ জনীয়াকৈ ধেমাজি জিলা সাংবাদিক সংস্থাৰ নতুন সমিতি গঠন কৰা হয়।

Related Articles