বৰপেটা ৮ জানুৱাৰী: অসম চৰকাৰৰ উদ্যোগত বৰপেটা আৰু বজালী জিলাত কালিৰে পৰা গুণোৎসৱৰ বহিঃ মূল্যায়ন আৰম্ভ কৰা হৈছে। আজি বৰপেটা জিলাৰ ১ নং দলাহাটী নিম্ন প্ৰাথমিক বিদ্যালয়, পৰমেশ তালুকদাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত বহিঃ মূল্যায়ক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বন-মন্ত্ৰী তথা বৰপেটাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। Chandramohan Patowary
তেওঁ ছাত্ৰ-ছাত্ৰী সকলৰ দক্ষতা পৰীক্ষা কৰাৰ উপৰিও বিদ্যালয়সমূহো মূল্যায়ন কৰে। আমাৰ এই সংবাদ দাতাৰ আগত তেওঁ জনোৱা মতে “গুণোৎসৱৰ ফলত প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক আৰু অনা-শৈক্ষিক দুয়োটা দিশতে লাভাম্বিত হৈছে” বিদ্যালয় মূল্যায়ন কালচোৱাত মন্ত্ৰীগৰাকীৰ লগত তিনিওখন বিদ্যালয়ত উপস্থিত থাকে বৰপেটা জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝা, অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰা আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসে। আজি তিনিওখন বিদ্যালয়ত মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ উপৰিও উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যা, মাতৃ গোট, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলৰ লগতো মত বিনিময় কৰে।
মন্ত্ৰী গৰাকীয়ে গুণোৎসৱত মূল্যায়ন কৰাৰ উপৰিও কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলৰ লগত মধ্যাহ্ণ ভোজন গ্ৰহন কৰে। উল্লেখযোগ্য যে গুণোৎসৱ-২০২৫ ৰ স্ব-মূল্যায়ণ ৬ জানুৱাৰীত সফলভাৱে সমাপ্ত হৈ গৈছে আৰু ৭ জানুৱাৰীৰ পৰা বহিঃ মূল্যায়ন আৰম্ভ হৈছে। ৯ জানুৱাৰীত সমাপ্ত হ’ব এই বহি:মূল্যায়ন । গুণোৎসৱ-২০২৫ ৰ এই কাৰ্যসূচীত বৰপেটা আৰু বজালী জিলাত মূঠ ২,০৫৮ খন বিদ্যালয় আৰু ২,৩০,৮৪২ গৰাকী ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হৈছে। তাৰোপৰি দুয়োখন জিলাতে নিয়োজিত কৰা হৈছে ২০৫৮ গৰাকী নডেল শিক্ষক আৰু ২৩৬ গৰাকী সম্পৰ্কৰক্ষী বিষয়া আৰু ৯৪৬ গৰাকী বহিঃ মূল্যায়কক নিয়োগ কৰা হৈছে।