সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তিত অনিয়মৰ অভিযোগ !

সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত অনিয়ম হোৱা বুলি পোহৰলৈ অহা এটা খবৰে এতিয়া তোলপাৰ লগাইছে শিক্ষানুষ্ঠান খনৰ ভিতৰচ’ৰাত। কিয়নো চৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদত নিযুক্তিৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সম্প্ৰতি। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীৰ লগতে বিভাগটোৰ সহকাৰী অধ্যাপক পদৰ আবেদনকাৰীয়ে এই অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি মঙ্গলবাৰে সোণাৰি মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পদৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। সাক্ষাৎকাৰৰ বাবে আবেদন কৰা ষোল্ল গৰাকী আবেদকাৰীৰ ভিতৰত তেৰজন উপস্থিত আছিল  সাক্ষাৎকাৰত। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা যে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা আবেদনকাৰী সকলৰ মাজৰে এগৰাকীয়ে উপযুক্ত নথিপত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাৰ পাছতো নিৰ্বাচনী সমিতিয়ে তেওঁক নিৰ্বাচন কৰিলে সহকাৰী অধ্যাপক পদৰ বাবে। যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীৰ লগতে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা আবেদনকাৰীয়ে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ফনীন্দ্ৰ বৰুৱাই জানিবলৈ দিয়া অনুসৰি আবেদনকাৰী সকলৰ নথিপত্ৰ পৰীক্ষণৰ সময়ত ডিব্ৰুগড়ৰ সুমন গগৈ নামৰ প্ৰাৰ্থী গৰাকীয়ে উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব পৰা নাছিল যাৰ বাবে তেওঁৰ অৰ্হতা থকা স্বত্বেও সাক্ষাৎকাৰত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলি টোকা লিখা হৈছিল। কিন্তু কেইগৰাকী প্ৰাৰ্থীকেই নিৰ্বাচনী সমিতিয়ে উপযুক্ত বিবেচনা কৰি সহকাৰী অধ্যাপক পদৰ বাবে নিৰ্বাচিত কৰে। মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকী নিজেই সেই সমিতিখনত থকাত এই কথাৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল যদিও সমিতিখনৰ আনসকল সদস্যই কোনো ধৰণৰ গুৰুত্ব নিদিলে। যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুৰব্বী অধ্যাপক গৰাকীয়ে। মন কৰিবলগীয়া যে মহাবিদ্যালয় খনৰ সহকাৰী অধ্যাপক পদৰ সাক্ষাৎকাৰ গ্ৰহণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰপৰা দুগৰাকী জ্যেষ্ঠ অধ্যাপকক মনোনীত কৰা লগতে বিভাগটোৰ মুৰব্বী অধ্যাপক তথা মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকী সহ এখন সমিতি গঠন কৰা হৈছিল। কিন্তু সেই সমিতিখনলৈ মনোনীত সদস্য কেইগৰাকীয়ে  উপযুক্ত নথি-পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা প্ৰাৰ্থীক নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক গৰাকীয়ে।  ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ জানিবলৈ বিচৰাত সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে সাক্ষাৎকাৰত অনিয়ম হোৱাৰ কথা অস্বীকাৰ কৰে। সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰিবলৈহে আহ্বান জনায় অধ্যক্ষ গৰাকীয়ে।

Related Articles