বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ছডিয়াম বেছি খোৱাৰ ফলত প্ৰতি বছৰে ১৮ লাখতকৈ অধিক লোকৰ মৃত্যুৰ কাৰণ বুলি কোৱা হৈছে। যিহেতু নিমখত ছডিয়াম সৰ্বাধিক পৰিমাণে থাকে, সেয়েহে নিমখ বিষতকৈ কম নহয় বুলি কোৱাটো ভুল নহয়।(Salt)
কিন্তু নিমখ অবিহনে খাদ্যৰ সোৱাদ যে সম্পূৰ্ণ নহয়। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সীমিত পৰিমাণত গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। আজি আমি আপোনালোকক জনাম আপুনি দিনটোত কিমান নিমখ খাব লাগে-(salt can cause death)
শৰীৰত অতিৰিক্ত ছডিয়াম উচ্চ ৰক্তচাপৰ লগত জড়িত, যাৰ ফলত হৃদৰোগ, গেষ্ট্ৰিক কেন্সাৰ, মেদবহুলতা, অষ্টিঅ’পৰ’ছিছ, মেনিয়েৰ ৰোগ আৰু বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব-
প্ৰাপ্তবয়স্কৰ বাবে WHO এ ২০০০ মিলিগ্ৰাম/দিনতকৈ কম ছডিয়াম (৫ গ্ৰাম/দিনতকৈ কম নিমখৰ সমতুল্য) খোৱাৰ পৰামৰ্শ দিয়ে। একে সময়তে ২-১৫ বছৰ বয়সৰ শিশুৰ বাবে ডব্লিউ এইচ অ’ই তেওঁলোকৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি প্ৰাপ্তবয়স্কৰ মাত্ৰা তললৈ সালসলনি কৰাৰ পৰামৰ্শ দিয়ে।
নিমখৰ পৰিমাণ কম কৰাৰ উপায়-
- বেছিভাগেই সতেজ, নূন্যতম প্ৰচেছড খাদ্য সামগ্ৰী খাব লাগে।
- কম ছডিয়ামযুক্ত সামগ্ৰী বাছি লওক (১২০মিলিগ্ৰাম/১০০গ্ৰাম ছডিয়ামতকৈ কম)
- নিমখ কম বা নিমখ নোহোৱাকৈ খাদ্য ৰান্ধক।
- খাদ্যৰ সোৱাদ দিবলৈ নিমখৰ সলনি বনৌষধি আৰু মছলা ব্যৱহাৰ কৰিব লাগে।
- পেকেটত ভৰোৱা চচ, পেকেট খাদ্য গ্ৰহণ নকৰিব।
শৰীৰত অতিৰিক্ত ছডিয়ামৰ লক্ষণ-
যদি আপুনি দীৰ্ঘদিন ধৰি পেশীৰ দুৰ্বলতা অনুভৱ কৰি আহিছে তেন্তে ই শৰীৰত অতিৰিক্ত ছডিয়ামৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বাহিৰেও সঘনাই পিয়াহ লগা, মূৰৰ বিষ, সঘনাই প্ৰস্ৰাৱ কৰা, শৰীৰত ফুলা আদি ছডিয়ামৰ মাত্ৰা অধিক হোৱাৰ আন লক্ষণ।