কলিয়াবৰত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস। ইতিমধ্যে বাঘৰ আক্ৰমণত নিহত হৈছে এজন লোক। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা যমুনা গ’ড় এতিয়াও চিকিৎসাধীন। কিন্তু এই সাম্ভাব্য মৃত্যুৰ পৰা নিজৰ জীৱনক তুচ্চ কৰি বনৰজাৰ সৈতে আধা ঘন্টা যুঁজ দি পত্নীক উদ্ধাৰ কৰিছিল যমুনাৰ সাহসী স্বামীয়ে। যমুনাৰ স্বামীয়ে শেহতীয়াকৈ দিছে গাৰ নোম শিয়ৰি যোৱা শিহৰণকাৰী বৰ্ণনা। (Tiger Attacked)
ঘটনাটো সংঘটিত হৈছিল কলিয়াবৰ চাহ বাগিচাত। বাঘে আক্ৰমণ কৰা বাতৰি সৱিস্তাৰে প্ৰকাশ হৈছিল দৈনন্দিন বাৰ্তাত। যোৱা ২১ ডিচেম্বৰত কলিয়াবৰ চাহ বাগিচাৰ ১৩ নং লাইনত খৰি লুৰিবলৈ গৈছিল পতি-পত্নী দিলীপ গ’ড় যমুনা গ’ড়। খৰি কাটি থকাৰ সময়তে প্ৰকাণ্ড এটা ঢেকীয়াপতীয়া বাঘে পাছফালৰ পৰা আক্ৰমণ কৰিছিল দিলীপ গ’ড়ৰ পত্নী যমুনা গ’ড়ক। নিজ পত্নীক বাঘে আক্ৰমণ কৰাত কাষতে থকা দিলীপ গ’ড়ে সাহসেৰে বাঘটোৰ পিছফালে এডাল বাঁহৰে কোবাই খেদিবলৈ চেষ্টা কৰে। লগে-লগে বাঘটোৱে যমুনা গ’ড়ক এৰি আক্ৰমণ কৰাৰ লক্ষ্য লৈছিল দিলীপ গ’ড়ক।
কিন্তু দিলীপ গ’ড়ে সাহসেৰে মুখামুখি হৈ বাঘটোক প্ৰায় আধা ঘণ্টা বাঘটোৰ চকুত চকু থৈ পত্নীক বাঘৰ মুখৰ পৰা বচাবলৈ চেষ্টা চলাই থাকিল। অৱশেষত বাঘটো উভতি যায় ঘন জংঘলৰ মাজলৈ। তাৰ পাছতেই নিজ পত্নী যমুনা গ’ড়ক কোলাত লৈ চিকিৎসালয়ত ভৰ্তি কৰে। গুৰুতৰভাৱে আহত হোৱাৰ যমুনাক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
কিন্তু তেজপুৰৰ পৰাও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ যমুনাক প্ৰেৰণ কৰে। কিছু সুস্থ হোৱাৰ অন্তত কলিয়াবৰ চাহ বাগিচাৰ চিকিৎসালয়ত যমুনা চিকিৎসাধীন যদিও সঠিক চিকিৎসা লাভ কৰা নাই যমুনাই। শেহতীয়াকৈ, কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ই যমুনাক চিকিৎসালয়ত দেখা কৰি পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থাৰ আহ্বান দিয়ে। কিন্তু সেই আস্বাস বাস্তৱ হ’বলৈ কিমান দিন লাগিব সেই বিষয়ে গ’ড়ক দম্পতিয়ে নাজানে।
তথাপিও “ৰাখে হৰি মাৰে কোনে¸ মাৰে হৰি ৰাখে কোনে?” আপ্ত বাক্যশাৰী পুনৰ প্ৰমাণ হোৱা লগতে এই শিহৰণকাৰী ঘটনাই কৈ গ’ল দিলীপ গ’ড়ৰ নিজ পত্নীৰ প্ৰতি থকা প্ৰেম ভালপোৱাৰ কথা।