Happiness: নিজকে কেনেকৈ সুখী কৰি ৰাখিব, আধ্যাত্মিক সুখ নে বৈষয়িক সুখ বিচাৰে আপুনি?

প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত সুখী হ’ব বিচাৰে, কিন্তু সুখ কোনো বিশেষ সময়ত নাহে বা সুখ আপোনাৰ ওচৰলৈ নাহে। সুখ বিচাৰিব আফুনি জানিব লাগিব,(Happiness) সুখক উপলব্ধি কৰিব পাৰিব লাগিব তেতিয়াহে জীৱনতো সুন্দৰ হ’ব। বহু সময়ত আমি আমাৰ সুখ নাই বা সুখ কেতিয়া আহিব এনে অযথা কথা ভাবি নিজক কষ্ট দিও। আপুনি সুখী হ’ব বিচাৰিলে সুখক নিজেই অৰ্জন কৰি সুখী হ’ব পাৰিব।

আনহাতে সুখী হোৱাৰ অৰ্থ প্ৰতিজন ব্যক্তিৰ বাবে বেলেগ বেলেগ। (Happiness)সুখৰ বিভিন্ন অৰ্থৰ কাৰণ ব্যক্তিগত চিন্তা, অভিজ্ঞতা, অগ্ৰাধিকাৰ আৰু জীৱন মূল্যবোধৰ সৈতে জড়িত। এজন দৰিদ্ৰ ব্যক্তিৰ বাবে দিনটোত দুবাৰকৈ আহাৰ খোৱাটো সুখৰ কাৰণ হ’ব পাৰে, আনহাতে এজন ধনী ব্যক্তিৰ বাবে বিদেশ ভ্ৰমণ কৰাটো সুখৰ প্ৰতীক হ’ব পাৰে। স্কুললৈ যোৱা ল’ৰা এটাক যদি আমি সুধোঁ, সুখী নে তেতিয়া হয়টো সি উত্তৰ দিব যে মই কলেজলৈ যাবলৈ আৰম্ভ কৰিলে সুখী হ’ম যদি কলেজলৈ যোৱা ছাত্ৰ এজনক সোধা হয়, কেতিয়া সুখী হ’ব , তেতিয়া তেওঁ হয়টো ক’ব, যেতিয়া মই চাকৰি পাম, তেতিয়া মই সুখী হ’ম।

ঠিক তেনেদৰে চাকৰি থকা মানুহ এজনক আমি সুধিলে ক’ব, বিয়া পাতিলে মই সুখী হ’ম। সেইদৰে নতুনকৈ বিবাহিত দম্পতীক সুধিলে সন্তানৰ পিতৃ-মাতৃ হ”লে সুখী হ’ম। আনহাতে যিসকলৰ সন্তান নাই তেওঁলোকে হয়টো ক’ব, এবাৰ আমাৰ সন্তান হ’লে আমি সুখী হ’ম আৰু সন্তান জন্ম দিয়াসকলে ক’ব। আদি নানান সুখৰ কাৰণ মানুহৰ। এই ক্ৰমটো চলি থাকে আৰু আমি আমাৰ সুখক পাহৰি যাওঁ। কেৱল নোপোৱাবোৰৰ পিছত দৈৰি থাকোঁতে আমি পোৱাবোৰো হেৰুৱাই পেলাওঁ। কিন্তু এটা কথা, সুখী হোৱাৰ আগত আৰু এটা কথা জানিব লাগিব আপুনি কেনে সুখ বিচাৰে আধ্যাত্মিক সুখ নে বৈষয়িক সুখ।

এইদৰে এদিন জীৱনৰ শেষ পৰ্যায় আহিব আৰু আমি সুখী হ’ব নোৱাৰিম, সেই সুখৰ দিনটো কেতিয়াও নাহে। কিবা এটা লাভ কৰিলেই পৰৱৰ্তী বস্তুটোৰ বাবে হাহাকাৰ কৰাটো মানুহৰ স্বভাৱ। সুখী হ’বলৈ, যি আছে তাকে আকোঁৱালি ল”ব লাগিব, প্ৰতিদিনে আপোনাৰ জীৱনৰ ভাল কামৰ বাবে কৃতজ্ঞ হ’বলৈ আৰু বাহ্যিক কৃতিত্বৰ পৰিৱৰ্তে নিজৰ সম্পৰ্ক, অভিজ্ঞতা আৰু আত্মবৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব। অভিলাষী হওক, কিন্তু এইটোও বুজিব যে প্ৰতিটো গন্তব্যস্থানত উপনীত হোৱাৰ পিছত অলপ সময় থমকি ৰৈ উপভোগ কৰাটো গুৰুত্বপূৰ্ণ।

Related Articles