Karbi Anglong । কাৰ্বি লোক সংস্কৃতিৰে উজলি উঠিব বিশ্বনাথৰ কাৰ্বি ব্লক । ৰংকেৰ উৎসৱ উদযাপনৰ বাবে ব্যাপক আয়োজন

১০ জানুৱাৰী, ২০২৫ঃ karbi anglong । অসমৰ অন্যতম ভুমিপুত্ৰ কাৰ্বি সকলৰ লোক কৃষ্টি তথা বিশাল সাংস্কৃতিক অনুষ্ঠানৰে জীপাল হৈ পৰিব বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তীৰ কাৰ্বি ব্লক ৷ অহা ১১ আৰু ১২ জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে জিলাভিক্তিত ৰংকেৰ উৎসৱ উদযাপনৰ বাবে চলি আছে এতিয়া ব্যাপক প্ৰস্তুতি ৷

কাৰ্বি জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতিৰ উপাদান সমুহ সুশৃঙ্খল চৰ্চা , বিজ্ঞান সন্মত সংৰক্ষণ , ৰংকেৰ পুজাৰ মাহাত্ম্য প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা হৈছে ৰংকেৰ উৎসৱ ৷ কাৰ্বি সমাজৰ মেটমৰা সাংস্কৃতিক সম্ভাৰেৰে ভৰপুৰ পৰম্পৰাগত ৰীতিনীতি লোকাচাৰ তথা আৰ্থ সামাজিক দিশ , স্বগোষ্ঠীয় প্ৰশাসনিক ব্যৱস্থা , তথা লুপ্তপ্ৰায় জাতীয় স্বকীয়তাক উদ্ধাৰৰ লগতে বিশ্ব দৰবাৰত ৰংকেৰ উৎসৱক প্ৰতিষ্ঠাৰ মানসেৰে বিভিন্ন সাংস্কৃতিক তথা সামাজিক দিশ সমুহক প্ৰতিফলিত কৰিব পৰাকৈ উপস্থাপনৰ প্ৰয়াস কৰিছে আয়োজন সমিতিয়ে ৷

ইতিমধ্যে চাংঘৰ , আটকধুনীয়াকৈ সজা সাকো , মুল তোৰণ ,মঞ্চ নিৰ্মাণৰ লগতে পৰম্পৰাগত জাতীয় আৰ্থ সামাজিক , সাংস্কৃতিক উপাদান সমুহেৰে সজ্জিত কৰি তুলিছে ৰংকেৰ উৎসৱৰ সমন্বয় থলী ৷ বিশ্বনাথ জিলা ৰংকেৰ ৰংআজেৰ উদ্যোগত ১৫তম ৰংকেৰ উৎসৱভাগত পৌৰাণিক পৰম্পৰাগত গীত নৃত্য প্ৰতিযোগিতাৰ লগতে লুপ্তপ্ৰায় দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হব ৷ উল্লেখ্য যে ৫ জানুৱাৰী তাৰিখে ৰংকেৰ উৎসৱ উপলক্ষে সীমিত চৰকাৰী বন্ধ দিন ঘোষনা কৰাৰ পাছতেই কাৰ্বি সমাজ বেচ উৎফুল্লিত পৰে ৷

অৱশ্যে ৰংকেৰ উৎসৱ শীতকালীন উৎসৱলৈ পৰিণত হোৱাত ইতিমধ্যে সাৰ্বজনীন ৰূপে প্ৰতিষ্ঠা হোৱাৰ দিশে ৷ কাৰ্বি সমাজৰ পৰম্পৰাগত সাংস্কৃতিক সমাবেশ ঘটা পাভৈৰ কাৰ্বি ব্লক ৰংকেৰ উৎসৱ উপলক্ষে বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিবেশ ৷ কাৰ্বি সমাজৰ ডেকা গাভৰুকে ধৰি সকলো শ্ৰেণীৰ লোকেই অংশগ্ৰহণ কৰা ৰংকেৰ উৎসৱভাগত সকলোৰে সহযোগিতা আৰু উপস্থিতিৰ কামনা কৰিছে আয়োজক সমিতিয়ে ৷

Related Articles