jonbeel mela 2025: বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলা। ইতিমধ্যে ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে মেলা পৰিচালনা সমিতিয়ে।( jonbeel mela 2025)

অসমৰ এক ঐতিহাসিক তথা পৰম্পৰাগত উৎসৱ হৈছে জোনবিল মেলা। পাহাৰ ভৈয়ামৰ সম্প্ৰতিৰ মেলা জোনবিল মেলা সমাগত। গোভা দেউৰজাৰ জোনবিল মেলা ১৬,১৭ আৰু ১৮ জানুৱাৰীত জোনবিলৰ পাৰ। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিল মেলাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে মধ্য অসমৰ মৰিগাঁও জিলাৰ ভৈয়ামৰ লোকসকলৰ লগতে কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰত বসবাস কৰা জনগোষ্ঠীয় লোকসকলে। কেৱল মৰিগাঁও বুলি ক’লে ভুল হ’ব কাৰণ, এই মেলাত সমগ্র ৰাজ্যৰ লগতে দেশী-বিদেশী পৰ্যটকেৰে ভৰি পৰে জোনবিলৰ পাৰ।

পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা-মামী ৷ সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব৷

১৭ তাৰিখে মেলাথলীত অনুষ্ঠিত হ’বলগীয়া ৰাজ দৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

Related Articles