কাইলৈ উৰুকাৰ দিনাখন অফিচ আছে। গতিকে শ্ৰীমতীয়ে শাক-পাচলি কঢ়িয়াই অনাৰ বাবে সুবিধা কৰি দিয়া ট্ৰলীখন টানি টানি বিহু বুলি বজাৰ পালোগৈ।(Magh Bihu) বজাৰ কৰি থকাৰ সময়তে ফেচবুকতো চকু ফুৰাই থাকিলোঁ। দীৰ্ঘদিন ধৰি চকুৰ অসুখত ভুগি থকাৰ বাবে আজি কালি ফোনত লেখামেলা কমাই দিছো। তাতে মোৰ ‘ছাংগ্ৰি-লাত প্ৰজ্ঞা’ বিচাৰি’নামৰ উপন্যাসখনৰ হিন্দী অনুবাদৰ সম্পাদনা আৰু ‘বন্দী চামুৰাই’নামৰ উপন্যাসখন লিখাৰ বাবে গোটাই পিতাই লোৱা কিতাপ কেইখন মান পঢ়ি থকাৰ বাবে হাতত সময় প্ৰায় নাইকিয়াই হৈছে। তাৰোপৰি মাহটোৰ কুৰি দিন কৰ্মসূত্রে দেশৰ চুকেকোনে পিলপিলাই থাকিব লগীয়াও হৈছে।
পাচলিৰ বজাৰত ট্ৰলীখন টানি টানি সোমাই গৈ থাকোতে মনটো সাউদ কৰে নিজৰ জন্ম গাওঁখনলৈ উৰা মাৰি গ’ল। স্কুলত পঢ়ি থকা দিনত বিহুৰ এসপ্তাহ আগতেই কুৰুৱা পাহাৰলৈ গৈ সমজুৱা নামঘৰৰ চোতালত হোম জ্বলাবলৈ পূৰঠ গছৰ ডাল কটা, মাই পাত চৰুত পিঠা পৰিবলৈ এপোলা শুকান খৰি গোটোৱাৰ লগতে লুইতৰ পাৰত কল চোচনীৰে ভেলাঘৰ সাজিবলৈ কেকোৱা বাহ কটা কথাবোৰ এখন এখন ছবিৰ দৰে ভাহি উঠিব ধৰিলে। খহটা কেকোৱা বাহত আঙুলিৰ নখ চোচৰাই দিলে শৰীৰত এক বিশেষ শিৰশিৰনি উঠে। ঠিক শ্ৰেণীকোঠাৰ প্লাইউদ ব্লেক বোৰ্ডত নখ চোচৰাই দিয়াৰ দৰে । সেই কথাটো ভাবিলেও আজিও গাটো কিবা জিকাৰ খাই উঠে। পাহাৰত খৰি-খেৰ গোটাই উভতি অহাৰ পাছত লুইতৰ বলুকাত ভেলাঘৰ সাজি থকাৰ সময়ত সৰু সৰু লৰা-ছোৱালীক নখ চোচৰাবলৈ দি ৰঙ চোৱাৰ কথাবোৰ ভাবি নষ্টালজিক হৈ পৰিলোঁ । এইটো শ্বাশ্বত যে হেজাৰবাৰ মুৰ মাৰিলেও কাহানিও আৰু সেই সময় ঘুৰাই নাপাওঁ।
আজি কিছুদিন ধৰি হৈ থকা বাওঁহাতখনৰ বিষ এটা হৈ থকাৰ বাবে বজাৰ-সমাৰ কৰিলে বেগ ওঠাবলৈ অসুবিধা পাওঁ। গুৱাহাটীৰ ছয়মাইলৰ গনেশমন্দিৰ বিদ্যালয়ত পঢ়ি থকা দিনত এ এচ টি চি বাচৰ আশী পইছাৰ নীলা টিকটটো নিকিনি আধামোন চাউলৰ বস্তা কান্ধত তুলি বহুতবাৰ উজান বজাৰ জাহাজঘাটৰ পৰা দিশপুৰৰ সৰুমটৰীয়ালৈ গৈছিলো । কান্ধত এল পি জি চিলিণ্ডাৰ আৰু পাচলিৰ মোনা তুলি ল’বলৈ আজিও কুণ্ঠাবোধ নকৰো লাজো নকৰোঁ। অভ্যাসৰ নৰ কৰ্ণ পথে শৰ । গতিকে গাঁৱলীয়া লৰাৰ এই ক্ষেত্ৰত লাজকাজ অলপ কমেই হয় । সেই কাৰণে শ্ৰীমতী আৰু ছোৱালীৰ পৰা কেতিয়াবা দুই এষাৰ শুনিবও লগা হয়।
আজি ট্ৰলীখনত শাক-পাচলিবোৰ ভৰাই থাকোঁতে আমি লৰালিকালত পূৰঠ বাহৰ মুঢ়াৰে সাজি লোৱা তিনিচকীয়া সৰু সৰু কাঠৰ গাড়ীবোৰৰ কথাও মনত পৰি গ’ল। উৰুকাৰ ৰাতি মনে মনে লোকৰ শাকনিত সোমাই শাক-পাচলি তুলি সেই কাঠৰ গাড়ীত বোজাই কৰি আনিছিলোঁ । আজি সেই ৰামো নাই অযোধ্যাও নাই। অসমীয়া মানুহে বান্দৰৰ উৎপাতৰ দোহাই দি শাকনিত পাচলি নোৰোৱা হ’ল । মিঞাক গালি পাৰিলেও মিঞাই কৰা খেতি খাই অসমীয়াৰ পেট ভৰিছে।
অসমীয়া জাতিটো ৰাজনীতিৰ মেৰপাকত হিতাধিকাৰী বিনামূলীয়া আঁচনিৰ সোৱাদ লৈ অকৰ্মী ,পৰমুখাপেক্ষী আৰু খোৰোপা হৈ পৰিছে। কান্ধত মোনা তুলি লোৱা দূৰৈৰ কথা ইউ টিউবৰ নামত বলীয়া অসমীয়া ল’ৰাই সহজে ধনঘটিবলৈ হাতত কাম পালেও কাম নকৰে। বিশেষকৈ মই কৰ্মৰত হৈ থকা কনষ্ট্ৰাকছন আৰু মাইনিং মেছিনাৰী মেৰামতি কামৰ ক্ষেত্ৰখনত ইমান কাম আছে কিন্ত অভিজ্ঞ মেকনিকেল ইন্জিনীয়াৰিঙ অথৱা ডিপ্লমা পঢ়া অসমীয়া ল’ৰা নাই । ফলস্বৰূপে অনা-অসমীয়া পেশাগত আৰু অভিজ্ঞ বহু ল’ৰাক মই নিজে নিযুক্তি কৰিব লগীয়া হৈছো। এইটোৱেই মনত আক্ষেপ। আমি কেতিয়া কাম কৰি স্বাৱলম্বী হ’বলৈ শিকিম?
ফেচবুকত বিহু পাৰ্বনত ডিস্কো নাচিলেই জাতিটোৰ কলা-সংস্কৃতি ৰক্ষা নপৰে আৰু ধ্বংসও নহয় । কাৰণ সময় আৰু যুগৰ পৰিবৰ্তনৰ লগে সংস্কৃতিয়েও মোট সলাবই সেইয়া কোনেও ধৰি ৰাখিব নোৱাৰিব। কাৰণ পৰিবৰ্তন হৈছে চিৰন্তন সত্য। কিন্ত সংস্কৃতি থাকিবলৈ হ’লে জাতি এটা জীয়াই থাকিব লাগিব। জীয়াই থকা জাতি এটাই সময় আৰু যুগৰ লগত খাপ খাই পৰাকৈ নিজৰ সংস্কৃতিৰ সৃষ্টিও কৰিব পাৰিব। পাছে জাতি এটা জীয়াই থাকিবলৈ কৰ্মঠ হ’ব লাগিব। সবলতাৰে জীয়াই থকা জাতি এটাৰ নিজা সংস্কৃতিৰ কেতিয়াও ধ্বংস হৈ যাব নোৱাৰে । সেই কাৰণে নেডাৰলেণ্ডৰ পণ্ডিত জোহান হুইজিংগাই কৈছিল ” If we are to preserve culture we must continue to creat it.”
সদৌ শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ।
ধন্যবাদেৰে-
লেখকঃ চুমিন্দ্ৰ চৌধুৰী