দক্ষিণ কোৰিয়াৰ পদচ্যুত ৰাষ্ট্ৰপতি ইউন ছুক-য়েলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এসপ্তাহতকৈ অধিক সময় ধৰি তেওঁক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলোৱা হৈছিল। কিন্তু হাজাৰ বাধাৰ সন্মুখীন হৈ দুৰ্নীতি বিৰোধী শাখা পিছুৱাই যাব লগা হৈছিল। অৱশেষত বুধবাৰে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়েওলক।(Yoon Suk Yeol)
দ্বিতীয়বাৰৰ প্ৰচেষ্টাত আৰক্ষীয়ে য়েওলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেও এবাৰ তেওঁৰ চৰকাৰী বাসগৃহত আৰক্ষী আৰু দেশৰ দুৰ্নীতি বিৰোধী শাখাই অভিযান চলাইছিল। অৱশ্যে ঘৰত প্ৰৱেশ কৰিব নোৱাৰিলে। যোলৰ নিৰাপত্তাৰ দায়িত্বত থকা ৰাষ্ট্ৰপতি নিৰাপত্তা সেৱাৰ কৰ্মীসকলৰ সৈতে মাজে মাজে সংঘৰ্ষৰ সৃষ্টি হয়। বুধবাৰেও পুনৰাবৃত্তি হয় একে ঘটনা। য়েওলৰ নিৰাপত্তাৰক্ষীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ। দুই পক্ষৰ মাজত কেইঘণ্টামানৰ উত্তেজনা চলি থাকিল। অৱশেষত আৰক্ষীয়ে তেওঁক জিম্মাত ল’বলৈ সক্ষম হয়।(Arrested)
য়েওলে অৱশ্যে দাবী কৰে যে তেওঁ তদন্তকাৰীৰ সৈতে সহযোগিতা কৰিবলৈ সদায় সাজু আছিল। অৱশ্যে য়েওলে এই কথাও মন্তব্য কৰে যে তেওঁক গ্ৰেপ্তাৰ কৰাটো দেশৰ “আইনৰ শাসনৰ পতনৰ” উদাহৰণ। তেওঁৰ অধিবক্তাই কয় যে বুধবাৰে য়েওলে ব্যক্তিগতভাৱে দুৰ্নীতি তদন্ত কাৰ্যালয়ত হাজিৰ হোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ আগতে য়েওলক এইদৰে গ্ৰেপ্তাৰ কৰে।
প্ৰসংগক্ৰমে দক্ষিণ কোৰিয়াৰ আদালতে দেশখনত সাময়িকভাৱে সামৰিক আইন জাপি দিয়াৰ বাবেই য়েওলৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। ৩ ডিচেম্বৰত দেশবাসীক সম্বোধন কৰি য়েওলে কয় যে তেওঁ সমগ্ৰ দেশতে সামৰিক আইন বলবৎ কৰাৰ সিদ্ধান্ত লৈছে। য়েওলে কিয় এনে সিদ্ধান্ত ল’বলগীয়া হৈছে সেই কথাও বুজাই দিলে। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী কিম জং উনৰ সহযোগত বিৰোধীয়ে ক্ষমতা দখল কৰাৰ পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়। তেওঁৰ ব্যাখ্যা আছিল যে দক্ষিণ কোৰিয়াত কমিউনিষ্ট আগ্ৰাসনৰ পৰা দেশখনক ৰক্ষা কৰিবলৈ আৰু ৰাষ্ট্ৰবিৰোধী শক্তিক নিৰ্মূল কৰিবলৈ সামৰিক আইন জাপি দিয়া হৈছে। বিৰোধী দলসমূহে অভিযোগ কৰে যে য়েওলৰ সামৰিক আইন জাৰি কৰি দেশৰ সকলো ৰাজনৈতিক কাৰ্যকলাপ নিষিদ্ধ কৰিব বিচাৰিছে।
সামৰিক আইন ঘোষণাৰ পিছৰে পৰা বিৰোধীয়ে য়েওলক পদবীৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে। বৰ্খাস্তৰ প্ৰস্তাৱো সংসদলৈ আনিছিল। ১৪ ডিচেম্বৰত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰীয় বিধানসভাই এই পদবীৰ পৰা বৰ্খাস্ত কৰাৰ সপক্ষে ভোটদান কৰে।