Asam Sahitya Sabha: বহুধাবিভক্ত শক্তিসমূহক একত্ৰিত কৰি অসম সাহিত্য সভাক পৰিকল্পিতভাৱে আগুৱাই নিব লাগিব

বহুধাবিভক্ত শক্তিসমূহক একত্ৰিত কৰি ৰাইজে পৰিকল্পিতভাৱে অসম সাহিত্য সভাক আগুৱাই নিব লাগিব। সাম্প্ৰতিক সময়ত সভাৰ শক্তি একত্ৰিত কৰাৰ প্ৰয়োজন অধিক আহি পৰিছে।(Asam Sahitya Sabha) গুণীয়েহে গুণৰ মূল বুজে। য’তেই সন্মান সংপৃক্ত হয়, তাতেই গুণীসমাজ একত্ৰিত হয়। অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশন ২০২৫ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাই আজি এইদৰে কয়।

বুধবাৰে পাঠশালা সাহিত্য সভা ভৱনত আদৰণী সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত আড়ম্বপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰাক বৰপেটা জিলা, বাক্সা জিলা, নলবাৰী জিলা, কামৰূপ জিলা, বজালী জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি, বজালী প্ৰেছ ক্লাব, আদিকে ধৰি শতাধিক সংগঠনে আদৰণী জনায়।

আদৰণী সমিতিৰ সম্পাদক অতুল কলিতাই আঁত ধৰা সম্বৰ্ধনা সভাখনত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা অধিৱেশনৰ আদৰণী সমিতিৰ তৰফৰ পৰা সভাপতি তথা জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰধান সম্পাদকগৰাকীক শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি কয় যে অধিৱেশনখনি সাফল্যমণ্ডিত কৰাৰ বাবে দেৱজিৎ বৰাই আমাক ফেণ্ড ফিল’চফাৰ এণ্ড গাইডৰ ভূমিকাৰে সভাৰ সাংগঠনিক দিশ শক্তিশালী কৰিব লাগিব; প্ৰয়োজনত কন্টকময় পথেৰেও অগ্ৰসৰ হʼব লাগিব।

উক্ত সভাখনত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বদ্ৰী গুৰাগাড়ি, সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰী, অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথ, অসম সাহিত্য সভাৰ প্ৰাক্তন জিলা প্ৰতিনিধি কন্দৰ্প কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্পৰ কাৰ্যকৰী সভাপতি ড° ৰবীন দাস, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সম্পাদক দীপাংকৰ ৰায়মেধি, প্ৰতিষ্ঠাপক সম্পাদক ডিম্বেশ্বৰ পাঠক প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Related Articles