Republic day : কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে ভাৰতত ‘গণৰাজ্য দিৱস’ পালন কৰা হয়। এই দিনটো ভাৰতীয় সংবিধান কার্যকৰী হোৱাৰ দিন। ১৯৫০ চনৰ এই দিনটোতেই ভাৰত এক গণৰাজ্য হিচাপে পৰিণত হৈছিল। দেশৰ লোকতন্ত্ৰ আৰু সংবিধানৰ আদৰ্শৰ প্ৰতি সন্মান দেখুৱাবলৈ এই বিশেষ দিনটোত অনুষ্ঠান আয়োজন কৰা হয়।

১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ ওচৰত কোনো নিজা সংবিধান নাছিল। ভাৰতৰ আইনসমূহ ভাৰত চৰকাৰ আইন ১৯৩৫ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ কিছু বছৰ পাছত সংবিধান গৃহীত হয়।

গণৰাজ্য দিৱসত নতুন দিল্লীত ৰাজকীয় সামাৰোহ অনুষ্ঠিত হয়। ইয়াত সামৰিক শক্তি আৰু ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ প্ৰদৰ্শনী কৰা হয়। ৰাষ্ট্ৰপতিৰ জাতীয় পতাকা উত্তোলন, পদক প্ৰদান, আৰু বিভিন্ন ৰাজ্যৰ ভাস্কৰ্য প্ৰদৰ্শন এই দিনৰ বিশেষ অংশ। এই দিনটোত দেশবাসীয়ে সংবিধানৰ আদৰ্শ অনুসৰি গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আস্থাৰে আগবাঢ়ি যাওঁ বুলি প্ৰতিশ্ৰুতি গ্রহণ কৰে।
গণৰাজ্য দিৱস কেৱল এখন উৎসৱ নহয়; ই স্বাধীনতা আন্দোলনৰ আত্মত্যাগ আৰু সংবিধানৰ মুল্যবোধৰ প্ৰতীক।